নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BJPৰ কৰ্মকৰ্তাই দিলে প্লাজমা দিলে এজন বিৰোধী দলৰ নেতাকঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ক’ৰোনাত আক্ৰান্ত পুৰণি ৰাজনৈতিক দলৰ সতীৰ্থ এজনক প্ৰয়োজন হৈছিল প্লাজমা। তেওঁৰ বাবেই নিশা ১.৩০ বজাত মেডিকেল কলেজলৈ গৈছিলো আৰু প্লাজমাৰ যোগাৰ কৰি দিছিলো। পিছতহে গম পালো সেয়া বিজেপি দলৰ এজন কাৰ্যকৰ্তাই দান কৰা প্লাজমা। যিজন ৰাজনীতিবিদে স’ততে আমাক সমালোচনা কৰিছিল, তেওঁক আমাৰ দলৰ এজনে প্লাজমা দিছে বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয় যে সেৱা ৰাজনীতিৰ পৰা ওপৰত গৈ মানুহৰ সংকীৰ্ণতাৰ পৰা বহু উৰ্ধ্বত গৈ মানুহক পূৰ্ণতা প্ৰদান কৰে। বিজেপি কাৰ্যকৰ্তাসকলে ১০০০ প্লাজমা দান কৰাৰ সিদ্ধান্ত লৈছো আৰু এই ১০০০ প্লাজমা ২০০০জন লোকৰ শৰীৰলৈ যাব। আমি নাজানো আমাৰ প্লাজমা কোনে পাইছে, কিন্তু বিজেপিৰ সুস্থ হৈ উঠা কৰ্মকৰ্তাসকলে পুনৰ এবাৰ হাস্পতাললৈ গৈ প্লাজমা দান কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like