নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ আমবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ তীব্ৰ গৰাখহনীয়া

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্তেম্বৰঃ ৰাজ্যৰ জলসম্পদ বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে পলাশবাৰী, ছয়গাঁও, বকো সমষ্টিৰ শতাধিক গাঁৱৰ বাসিন্দালৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখনহীয়াই আনিছে তীব্ৰ ভাবুকি। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত আমবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পলাশবাৰী-গুমি মথাউৰি যিকোনো মুহূৰ্তত জাহ যোৱাৰ উপক্ৰম হৈছে।

ইতিমধ্যে উক্ত অঞ্চলত প্ৰায় ১০০ ঘৰ লোকৰ ঘৰ-মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ ফলত সেই লোকসকলে মথাউৰিৰ লগতে বিভিন্ন ঠাইত দিন অতিবাহিত কৰিবলগীয়া হৈছে। উল্লেখ্য পলাশবাৰী-গুমি মথাউৰিটো খহ‍াবলৈ আৰু প্ৰায় ৫ মিটাৰ বাকী। যদিহে এই মথাউৰিটো কিবা কৰি ভাঙি যায় তেতিয়াহ’লে পলাশবাৰী, ছয়গাঁও আৰু বকো সমষ্টিৰ শতাধিক গাঁৱলৈ তীব্ৰ ভাবুকি যে আহিব সেইটো নিশ্চিত।

বিগত কেইবাদিন ধৰি আমবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া দেখি জলসম্পদ বিভাগৰ কৰ্তৃপক্ষই গছৰ ডাল পেলাই আৰু বাহ পুতি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে যদিও এয়া এক ভেঁকোভাওনাত হে পৰিণত হৈছে। অতিশীঘ্ৰে গৰাখহনীয়া ৰোধ কৰাৰ বাবে মুখ্যমন্ত্রী আৰু ৰাজ্যৰ জলসম্পদ মন্ত্রীক স্থানীয় ৰাইজে দাবী জনাইছে।

You might also like