নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ সভাক লৈ দৰঙত ব্যাপক উৎসাহ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ মোদী হৈছে সমাজসংস্কাৰক, তপস্বী৷ দেওবাৰে নৱপৰিণীতাক লৈ মই যিকোনো প্রকাৰে ঢ়েকীয়াজুলিলৈ যাম৷ তেওঁৰ দর্শনেই হ’ব জীৱনৰ শ্রেষ্ঠপ্রাপ্তি৷ –বিবাহৰ আপ্যায়নৰ মাজতে সময় উলিয়াই এই ভাষ্য মঙলদৈৰ দীঘিৰপাৰৰ বিতোপন ডেকাৰ৷ একে ভাষ্য মঙলদৈ নিজডাঁহী গাঁৱৰ দিন–হাজিৰা কৰি পেট প্রৱর্তোৱা ভূমিধৰ শর্মাৰ৷ শর্মাই ৭ ফেব্রুৱাৰীত দিন হাজিৰা কৰিব যোৱাৰ সলনি ঢ়েকীয়াজুলিলৈ যাব৷ টি ভি, মোবাইলত দেখিলেও স্বচক্ষে এবাৰ মোদীক চাব যাব৷ ইয়াৰ বাবে তেওঁ বিজেপিৰ স্থানীয় কর্মীক খাটনিও ধৰিছে আৰু পুৰণি পোছাকযোৰ আজি ধুই চিকুণ কৰি লৈছে৷ এই তালিকাত মঙলদৈ বাকৰাবাৰী গাঁৱৰ মোবাৰক আলীৰ নামো সন্নিৱিষ্ট হৈছে৷ দেওবাৰে ঢ়েকীয়াজুলিত যাবলৈ তেওঁ মন মেলিছে৷

আলীৰ ভাষ্য– মোদীৰ প্রধানমন্ত্রিত্বৰ কালত লোৱা আঁচনিৰ আটাইতকৈ অধিক সকাহ পাইছে গৰিব মুছলমানে৷ সেয়ে তেওঁ নিজাববীয়াকৈ যাব মন কৰিছে৷ মুঠতে ঢ়েকীয়াজুলিৰ পৰা ৭০ কিঃমিঃ দূৰৈৰ মঙলদৈ সমষ্টিতে মোদীৰ সভাক লৈ এনে উৎসাহ৷ সমানেই উৎসাহ বিয়পিছে দলগাঁৱৰ কৌপাটী, বডোবজাৰ, খাৰুপেটীয়া আদি এলেকাত৷ কলাইগাঁও সমষ্টিৰ বিভিন্ন এলেকা, ছিপাঝাৰ, পানেৰী, ওদালগুৰিৰ পৰা বহু বিজেপি কর্মী ইতিমধ্যে দলীয় কর্মীলৈ অপেক্ষা নকৰি ঢ়েকীয়াজুলিৰ সম্পর্কীয় পৰিয়ালত আশ্রয় লোৱাৰো বাতৰি আহিছে৷ মুদৈবডি বিটিআৰ ইএম দিগন্ত বৰুৱা, খৈৰাবাৰীৰ এমচিএলএ ভৱেন বড়ো ইতিমধ্যে প্রধানমন্ত্রীৰ সভাৰ বাবে মঙলদৈত বাহৰ পাতি থকা মন্ত্রী নৱ দলেৰ লগত যোগাযোগ কৰিছে৷

You might also like