নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ নাগ্ৰিজুলীত সৌৰ শক্তি চালিত বৈদ্যুতিক বেৰৰ উদ্বোধন আৰু ৰাইজলৈ অৰ্পন

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ হাতী-মানুহৰ সংঘাত উপশম কৰিবৰ বাবে প্ৰাকৃতিক আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত সংগঠন আৰণ্যকৰ উদ্যোগত আৰু এলিফেণ্ট ফাউণ্ডেচন অফ ইণ্ডিয়াৰ আৰ্থিক অনুদান তথা বন বিভাগৰ সহযোগিতাৰে বাক্সা জিলাৰ নাগ্ৰিজুলীত ৰাইজৰ শ্ৰমদনেৰে প্ৰায় ১৮ কি. মী. দৈঘ্যৰ সৌৰশক্তি চালিত বৈদ্যুতিক বেৰ নিৰ্মাণ কৰা হৈছে। যোৱা নৱেম্বৰ মাহত সম্পূৰ্ণ হোৱা বেৰখনে এই অঞ্চলৰ প্ৰায় ১২ খন  গাঁৱৰ ৩৫ টা চুবুৰীৰ প্ৰায় ১৫ হাজাৰ লোকক হাতী – মানুহৰ সংঘাটৰ পৰা সুৰক্ষা দিবলৈ সক্ষম হৈছে।

দুডাল তাৰ যুক্ত এই বেৰখন নাগ্ৰিজুলী – ওদালগুৰি জাতীয় উচ্ছ আলিবাটৰ দুয়োপাৰে দুটা ভাগত নিৰ্মাণ কৰা হৈছে। প্ৰায় ১৪ কি. মি. দৈৰ্ঘ্যৰ প্ৰথম ভাগটো ১ নং ডোঙৰগাঁৱৰ পৰা অৰংগাজুলিলৈ আৰু ৪ কি. মি. দৈৰ্ঘৰ দ্বিতীয় ভাগটো পিপলানীৰ গাঁৱৰ পৰা চেৰছিনিলৈকে নিৰ্মাণ কৰা হৈছে। সৌৰশক্তি চালিত এই বেৰখন চলাবলৈ পাঁচটা উচ্চ শক্তিসম্পন্ন যন্ত্ৰ সংস্থাপন কৰা হৈছে।

হাতী-মানুহ সংঘাত জৰ্জৰিত নাগ্ৰিজুলী অঞ্চলটোৰ ৰাইজে পৌৰ শক্তি চালিত বেৰখন নিৰ্মানৰ আগতে শস্য, ঘৰ-সম্পত্তি আৰু জীৱন হেৰোৱাৰ ভয়ত নিদ্ৰাহীন জীৱন কটাইছিল। অৱশ্যে বেৰখন নিৰ্মান হোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে সুৰক্ষিত অনুভৱ কৰিছে। লগতে এই বেৰখনে ৰাইজৰ দৈনন্দিন জীৱন উন্নত কৰাত যথেষ্ট প্ৰভাৱ পেলাইছে।

আৰণ্যকৰ তত্বাৱধানত স্থানীয় ৰাইজে বেৰ নিৰ্মান কাৰ্য্যত আন্তৰিকতাৰে অংশগ্ৰহণ কৰে আৰু দীৰ্ঘদিনলৈ ইয়াক চোৱাচিতা কৰি কাৰ্যক্ষম কৰি ৰাখিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰে। ৰাইজে বেৰখনৰ চোৱাচিতা কৰিবলৈ পাঁচখন ভিন ভিন সমিটি গঠন কৰি লয়।

২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত, আৰণ্যকে নাগ্ৰিজুলী আৰক্ষী আউতপোষ্ট চৌহদত আনুষ্ঠানিক ভাৱে হস্তান্তৰ কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানটোত মুঠ পাঁচ বছৰৰ বাবে এই বৈদ্যুতিক বেৰ খনৰ তত্বাৱধান আৰু কাৰ্যকলাপ সংৰক্ষণৰ বাবে বেৰ পৰিচালনা সমিতিৰ সৈতে পাঁচ বছৰীয়া এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। শ্ৰী ৰঞ্জিত বসুমতৰী , EM, Forest, BTR, শ্ৰী ধৰ্ম কান্ত দাস, EM, Agriculture, BTR আৰু তামুলপুৰৰ বিধায়ক শ্ৰী ইমানুৱেল মুছাহাৰী য়ে এই সৌৰচালিত বেৰখন উদ্বোধন কৰে। উদ্বোধনৰ পিছত আউটস্পোষ্ট চৌহদত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়, য’ত শ্ৰী দিপুল বৰ্মন, DFO, বাক্সা, শ্ৰী আব্বাছ দেৱান, ACF, মানাহ ৰাষ্ট্ৰীয় উদ্যান, শ্ৰী কৈলাশ মালাকাৰ, IC, নাগ্ৰিজুলী, সৌৰ-বেষ্টনী সমিতি আৰু স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে। আৰণ্যকৰ পৰা অনুষ্ঠানটোত সচিবপ্ৰধান ড০ বিভৱ কুমাৰ তালুকদাৰ, হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী ড০ বিভূতি প্ৰসাদ লহকৰ, বন্যজীৱ বিজ্ঞানিক উদয়ন বৰঠাকুৰ, সৌৰশক্তি চালিত বেৰৰ বিশেষজ্ঞ অঞ্জন বাৰুৱা, বন্যপ্ৰাণী বিজ্ঞানী আললিকা সিনহা, জয়ন্ত পাথক, conservation educator , অন্যান্য গৱেষক আৰু মানাহত কাম কৰি থকা কৰ্মচাৰীসকল উপস্থিত আছিল। উক্ত অনুষ্ঠানটিত আৰণ্যকৰ সদস্য তথা TISS ৰ অধ্যাপিকা ড০ নমিতা ব্ৰহ্ম উপস্থিত থাকি আৰণ্যকক এই পদক্ষেপৰ বাবে ধন্যবাদ আগবঢ়ায়।

EM, বিধায়ক আৰু স্থানীয় ৰাইজে আৰণ্যকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অৰঙ্গাজুলিৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত উপেন থাপায়ে উল্লেখ কৰে, “এই বেৰ স্থাপনে আমাৰ বাবে এক সুৰক্ষিত আশ্ৰয়ৰ সৃষ্টি কৰিছে। আমি এতিয়া শান্তিৰে শুব পাৰো”।

You might also like