নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকো এটকাও ঘোচ নিদিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, লোৱাজন যাব জেললৈ

বিশেষ বাৰ্তা, ১৯ মেঃ ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পৰা আজিলৈকে অসমক ১৯ লাখ ঘৰ আৱণ্টন দিছে বা দিয়াৰ প্ৰস্তাৱ লৈছে। ইয়াৰ বাবদ তেখেতে দিবলগীয়া হ’ব বা হৈছে ২৭ হাজাৰ কোটি টকা। আজি পাঁচ লাখ হিতাধিকাৰীক গৃহ প্ৰদানৰ বাবদ ৭ হাজাৰ ৭৩৯ কোটি টকা আমি প্ৰদান কৰিম। আৰু প্ৰথম কিস্তি হিচাপে এহাজাৰ ৬৫৭ কোটি টকা আমি প্ৰদান কৰিম। যোৰহাটৰ ১২ হাজাৰ হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন সোমাব লৈছে আৰু কিছুমানৰ একাউণ্টত সোমাইছে। এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আজি পুৱাৰে পৰা যোৰহাটৰ ক’ৰ্ট ফিল্ডত উখল-মাখল পৰিৱেশ। ৫ লাখ হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৱণ্টন আৰু পুঁজি প্ৰদান কৰা অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত বাৰে বাৰে সকলোকে কৈছে যাতে কোনেও কাকো এটকাও ঘোচ নিদিয়ে। দিয়া জনক বেয়া পাব বুলি কোৱাৰ লগতে যিজনে ল’ব সেইজন জেলত যাব লাগিব বুলিও মঞ্চৰ পৰাই সকীয়াই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো ধনী মানুহে অনিয়মেৰে হিতাধিকাৰীৰ তালিকাত সোমাই এই গৃহ ল’লে সেই অভিযোগ দিবলৈ ফোন নম্বৰো দিলে। ৰাজ্যত আৰু দুৰ্নীতি সহ্য কৰা নহয় বুলি স্পষ্টকৈ কৈ চাকৰিৰ ক্ষেত্ৰতো আৰু দুৰ্নীতি হ’ব নোৱাৰে যাতে সেই কথাও কয়। উল্লেখনীয় যে, অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং। লগতে থাকে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত দাস।

You might also like