নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰ্খাসকল অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ, বিদেশী বুলি হাৰাশাস্তি কৰা বন্ধ কৰকঃ মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ১৯ মেঃ অসমৰ নেপালী-গোৰ্খাসকল অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। আৰু তেওঁলোকক কোনো কাৰণতে বিদেশী বোলা উচিত নহয়। বিশ্ব ইতিহাসত গোৰ্খাসকলৰ বীৰত্তৰ গাথা আছে। অসমৰ কিছুমান লোকে, বা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে তেওঁলোকক বিদেশী বুলি হাৰাশাস্তি কৰি আহিছে। এই পৰম্পৰা বন্ধ হ’ব লাগিব। কালি বাগসাত অসম গোৰ্খা সন্মিলনৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে ভাষণ দিয়ে। তেওঁ গোৰ্খাসকলৰ প্ৰব্ৰজনৰ ইতিহাসৰ কথা বৰ্ণনা কৰি গোৰ্খাসকল কোনো কাৰণতে বহিৰাগত নহয় বুলি দৃঢ়তাৰে কৈ ডি-ভোটাৰ, জাতিৰ প্ৰমাণ-পত্ৰ প্ৰদান আদি সমস্যা মষিমুৰ কৰাৰ কথা উল্লেখ কৰে। তেওঁ গোৰ্খা উন্নয়ণ পৰিষদলৈ ২৫ কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰে। সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আদিও উপস্থিত থাকে।

You might also like