নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ডিজিচি হাইস্কুলত বিশ্ব ধঁপাতবিৰোধী দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৩১ মে’: আজি বিশ্ব ধঁপাত বিৰোধী দিৱস ৷গোটেই পৃথিৱীতে প্ৰতিবছৰে ৩১ মে’ তাৰিখে পালন কৰা হয় বিশ্ব ধঁপাতবিৰোধী দিৱস ৷ইয়াৰ উদ্দেশ্য হ’ল এই ২৪ ঘন্টা সময়ত যিকোনো ধঁপাত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰনৰ বিৰূপ প্ৰতিক্ৰয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা ৷প্ৰতিবছৰে ধঁপাত সেৱনৰ ফলত পৃথিৱীত প্ৰায় ৮ মিলিয়ন লোকৰ মৃত্যু হয় তাৰে ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১·২ মিলিয়ন লোকৰ মৃত্যু হয় ৷বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনত এই দিৱসটোৰ সৃষ্টি কৰে ৷

সমগ্ৰ দেশৰ লগতে ৰূপহীহাটতো বিশ্ব ধঁপাত দিৱস পালন কৰা হয় ৷ ৰূপহীহাটৰ ডি জি চি হাইস্কুলত আজি পুৱাৰে পৰা এক আকৰ্ষনীয় কাৰ্যসূচীৰে ধপাতৰ বিৰোধীতাৰে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ তদুপলক্ষে ডি জি চি হাইস্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰীসকলে এটি শোভাযাত্ৰা উলিয়াই লাউড স্পীকাৰ যোগে ধপাত সেৱনৰ অপকাৰিতা সন্দৰ্ভত প্ৰচাৰ চলায় ৷ উল্লেখ্য যে ৰূপহীহাটৰ বিভিন্ন অঞ্চলত নিচাযুক্ত সামগ্ৰীৰ এক ৰমৰমীয়া বেহা চলি থকা দেখা গৈছে ৷ অঞ্চলটোত কুৰিখনৰো অধিক শিক্ষানুষ্ঠান আছে ৷ অন্তত: আজিৰ দিনটোত প্ৰতিখন শিক্ষানুষ্টানে এই দিৱস পালন কৰি সমাজখনত এক জাগৰন সৃষ্টি কৰিব পাৰিলেহেতেন ৷ কিন্তু সকলো ধৰণৰ শিক্ষানুষ্ঠান, এন জি অ, স্বেচ্ছাসেৱী সংস্থা আদিয়ে কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহল ৷ তেনে সময়তে ডি জি চি হাইস্কুলে হাত লোৱা এই কাৰ্যসূচীক সকলোৱে শলাগ লোৱা দেখা গৈছে ৷

You might also like