ডিজিটেল ডেস্ক, ২২ মে’ : হাইলাকান্দিত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সফল অভিযান চলালে লালা আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা শাহাবাদ বজাৰত এক বিশেষ অভিযান চলোৱা হয়।
অভিযানত ৩ কেজি ১৩০ গ্ৰাম গাঞ্জাসহ হাতে-লোটে দুজন সৰবৰাহকাৰীক আটক কৰা হয়। আটক কৰাসকল হৈছে সাহাৰুল আহমেদ আৰু অৰ্জুন ৰায়। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকাৰো অধিক।
হাইলাকান্দিৰ পৰা মিজোৰাম লৈ যোৱাৰ সময়ত জব্দ কৰে গাঞ্জাখিনি । এই অভিযানক স্থানীয় ৰাইজে প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতেও এনেধৰণৰ অভিযান অব্যাহত ৰখাৰ দাবী জনাইছে।