নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা মঙলদৈ আৰক্ষীৰ জালত দুই গভাইত গৰু চোৰ

ডিজিটেল ডেস্ক, ২২ মে’ : নিশা মঙলদৈ আৰক্ষীৰ জালত পৰে গভাইত গৰু চোৰ। মঙলদৈ থানাৰ অন্তৰ্গত জাবৰীকুছিত ৰাইজে হাতে-লোটে ধৰে গভাইত গৰু চোৰ মৃদুল হক আৰু বিল্লাল আলীক।

ৰাইজে পূজাৰ বাবে এৰি দিয়া এটি ষাঁড় গৰু দুই চোৰে বিক্ৰী কৰাৰ উদ্দেশ্যে নি থকাৰ সময়তে ৰাইজে ধৰি মঙলদৈ আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে চুৰি ষাঁড় গৰুসহ দুই চোৰক মঙলদৈ থানালৈ লৈ আনে আৰু সোধা-পোছা অব্যাহত ৰাখিছে।

গভাইত গৰু চোৰ মৃদুল হকে গৰুটো চুৰ কৰি নিছিল বুলি স্বীকাৰ কৰে। গৰু চোৰ মৃদুল হকৰ ঘৰ কলাইগাঁৱৰ আমগুৰিত আৰু বিল্লাল আলীৰ ঘৰ ২নং কলাইগাঁৱত বুলি জানিব পৰা গৈছে।

You might also like