নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ডত কেইবালক্ষ টকাৰ সা-সামগ্ৰী ভস্মীভূত

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৫ এপ্ৰিল : যোৱানিশা ৰূপহীহাটৰ ফুটালজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। উক্ত অগ্নিকাণ্ডৰ ফলত মোজ্জামিল হকৰ ব্ৰইলাৰ ফাৰ্মখন জুইত জ্বলি ভস্মীভূত হয়।

নিজৰ চকুৰ সন্মুখতে কেইবালক্ষ টকাৰ ব্ৰইলাৰ ফাৰ্মখনৰ সা-সামগ্ৰী জ্বলি ভস্মীভূত হোৱাত শোকত ভাগি পৰিছে মোজাম্মিল হক। পৰিয়ালটোৰ পোহপাল দিয়াৰ মোজাম্মিলৰ একমাত্র ভৰসা আছিল এই ফাৰ্মখন। মোজাম্মিলৰ ফাৰ্মখন জুইত জ্বলি ভস্মীভূত হোৱাত এতিয়া চকুৰে সৰিয়হৰ ফুল দেখিছে। শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

You might also like