নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড পৰিস্থিতিৰ বাবে বনভোজস্থলী বন্ধৰ নিৰ্দেশ বঙাইগাঁও জিলা প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰীঃ  বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শংকৰঘোলা কমলা বাগান বনভোজস্থলীত চৰকাৰী নিৰ্দেশনা উলংঘা কৰি আজিও খোলা ৰখাৰ অভিযোগ উত্থাপিত হৈছে । শংকৰঘোলা কমলা বাগান বনভোজস্থলীত একাংশ লোকে বনভোজৰ আনন্দত মতলীয়া হৈ থকা পৰিলক্ষিত হয় ।উল্লেখ্য যে, বঙাইগাঁও জিলাত প্ৰতিদিনে শতাধিক লোকে ক’ভিডত আক্ৰান্ত হৈ আহিছে।শেহতীয়াকৈ জিলাখনত কভিডৰ ভয়ংকৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলাৰ উপায়ুক্ত ড° এম এছ লক্ষ্মীপ্ৰিয়াই যোৱা ১৯ জানুৱাৰীত এক নিৰ্দেশযোগে(Mamo No. BRR. 40/2020/204-A) জিলাখনৰ সকলো বনভোজস্থলী বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ।কিন্তু জিলা প্ৰশাসনৰ উক্ত নিৰ্দেশনাক অমান্য কৰি আজিও শংকৰঘোলা কমলা বাগান বনভোজস্থলী খোলা ৰখাৰ  অভিযোগ উত্থাপিত হৈছে । জনা মতে,শংকৰঘোলা কমলা বাগান বনভোজস্থলীত স্থানীয় একাংশ লোকে ‘শংকৰঘোলা ডেভলপমেন্ট কমিটি” নামৰ এক অখ্যাত সন্থাই উক্ত বনভোজস্থলীত পৰ্য্যবেক্ষণ কৰে ।জিলা প্ৰশাসনে বনভোজস্থলী বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতো  উক্ত সন্থাই  বনভোজস্থলীত বন্ধ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।ফলত বহু লোকে উক্ত স্থানত বনভোৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হয় ।আনকি কণ কণ শিশু সকলো উক্ত স্থানত ভিৰ কৰা পৰিলক্ষিত হয় । অধিকাংশ লোকৰে নাই মুখত মাস্ক তথা সামাজিক দুৰত্ব। অভিযোগ মতে,  জিলাখনৰ আৰক্ষী-প্ৰশাসনৰ সৰলতাৰ সুযোগ গ্ৰহন কৰি চৰকাৰী নিৰ্দেশনা উলংঘা কৰি বনভোজস্থলী মুকলি কৰি ৰাখিছে।এই ক্ষেত্ৰত জিলা প্ৰশাসনে পৰবৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like