নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৌতা চাৰিআলিত হেৰুওৱা ম’বাইল উদ্ধাৰ কৰি গৰাকীক প্ৰদান আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৰৌতা, ১৪ ডিচেম্বৰ : ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ম’বাইল হেৰুওৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। জানিব পৰা মতে, ম’বাইলৰ গৰাকীয়ে ৰৌতা আৰক্ষী থানাত হেৰুওৱা ম’বাইল সন্দৰ্ভত  লিখিত আবেদন কৰিছিল।

ম’বাইলৰ গৰাকীৰ আবেদনৰ ভিত্তিত ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নেতৃত্বত  ম’বাইলৰ বিষয়টোত গুৰুত্ব দি শুং-সূত্ৰ  বিচাৰি আৰম্ভ কৰিছিল ব্যাপক অনুসন্ধান। আনুমানিক এমাহজোৰা তদন্তৰ অন্তত ৰৌতা আৰক্ষীয়ে অৱশেষত ১৪টাকৈ ম’বাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ১০ ডিচেম্বৰত  দিনৰ ২ বজাত ৰৌতা থানাত ওদালগুৰি জিলা আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ উপস্থিতিত ১৪গৰাকী ব্যক্তিক উদ্ধাৰ কৰা ম’বাইল হেণ্ডছেটসমূহ প্ৰদান কৰে। ফলস্বৰূপে হেৰুওৱা মোবাইল উদ্ধাৰ কৰি দিয়া বাবে ম’বাইলৰ গৰাকীয়ে ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে প্ৰশাসনৰ  শলাগ লৈছে।

You might also like