নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত দুদিনতে আঁতৰোৱা হ’ল ১.৩৪ লাখ বেনাৰ–হ’র্ডিং

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ অসম বিধানসভাৰ নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই ভাৰতৰ নির্বাচন আয়োগৰ নির্দেশমর্মে যোৱা দুদিনত নির্বাচন বিভাগে ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ ৰাজহুৱা স্থানৰ পৰা চৰকাৰী আঁচনি আদিৰ প্রচাৰ ফলক, বেনাৰ, হ’র্ডিং আদি আঁতৰ কৰাৰ লগতে বিভিন্ন স্থানত অংকিত তেনেধৰণৰ দেৱাল লিখনসমূহ মচি পেলোৱাৰ ব্যৱস্থা গ্রহণ কৰিছে৷

সেই অনুসৰি আজিলৈকে ৫০,৯২৭খন হ’র্ডিং–বেনাৰ, ৭৩,৪৬৯খন পোষ্টাৰ আঁতৰোৱাৰ লগতে ১০,০৮৫সংখ্যক দেৱাৰ লিখন মচি পেলোৱা হয়৷

You might also like