নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত বিজ্ঞান সমিতিৰ ৰাষ্ট্রীয় বিজ্ঞান দিৱস

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ অসম বিজ্ঞান সমিতিৰ ছয়গাঁও শাখা আৰু গ্রামীণ ছাহাৰৰ যৌথ উদ্যোগত গ্রামীণজ্যোতি একাডেমী প্রাংগণত আজি দিনজোৰা কার্যসূচীৰে ৰাষ্ট্রীয় বিজ্ঞান দিৱস উদ্যাপন কৰা হয়৷ দিৱসৰ কার্যসূচী হিচাপে বৃহত্তৰ ছয়গাঁও অঞ্চলৰ ছাত্র–ছাত্রীৰ মাজত ৰচনা প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা, কুইজ, আকস্মিক বত্তৃণতা আৰু বিজ্ঞানৰ মডেল প্রতিযোগিতা অনুষ্ঠিত হয়৷ দুপৰীয়া ১ বজাত অনুষ্ঠিত মুকলি আৰু বঁটা বিতৰণী সভাত বিজয়ী প্রতিযোগীসকলক পুৰস্কাৰ আৰু মানপত্র প্রদান কৰা হয়৷ ৰচনা প্রতিযোগিতাত প্রথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্রমে ভাস্কৰজ্যোতি কলিতা আৰু অভিষ্ঠা বিনায়ক দাসে৷ চিত্রাংকন প্রতিযোগিতাত ক্রমে প্রথম আৰু দ্বিতীয় স্থান লাভ কৰে অনুৰাগ শালৈ আৰু ৰাজ সূত্রধৰে৷ আকস্মিক বত্তৃণতাত ক্রমে দীপ কলিতা আৰু অবিনাশ দাসে প্রথম আৰু দ্বিতীয় স্থান লাভ কৰে৷ কুইজ প্রতিযোগিতাত ক্রমে মুস্তাহিদুৰ ৰহমানৰ দলে প্রথম আৰু পাহি ৰাভাৰ দলে দ্বিতীয় স্থান দখল কৰে৷ শাখাৰ সভাপতি অম্বিকা প্রসাদ দেৱশর্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শাখাৰ সম্পাদক দীনেশ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ সভাত কামৰূপ জিলা শিশু বিজ্ঞান সমাৰোহৰ শৈক্ষিক সমন্বয়ক তথা পূবপাৰ মদাৰতোলা হাইস্কুলৰ বিজ্ঞান শিক্ষক তীর্থমণি ডেকাই প্রতিযোগিতাসমূহ চলাই নিয়াত বিশেষভাৱে সহায় কৰাৰ উপৰি ২০২১ শিশু বিজ্ঞান সমাৰোহ সম্পর্কত বক্তব্য দিয়ে৷

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় যতীন চন্দ্র গোস্বামীয়ে৷ আনহাতে, আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ নতুন জাৰাবাৰীস্থিত এনচিএছ একাডেমীত বিজ্ঞান দিৱস পালন কৰা হয়৷ আৰম্ভণিতে বিদ্যালয়ৰ সঞ্চালক প্রশান্ত সাউদে বর্তমান বিজ্ঞানৰ গুৰুত্ব সম্পর্কে আলোকপাত কৰাৰ লগতে বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ভার্গৱ ঠাকুৰীয়া আৰু পংকজ দাসে বিভিন্ন পৰীক্ষাৰ যোগেদি উপস্থিত আটাইকে বৰ আমোদ দিয়ে৷ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ছাত্র–ছাত্রীৰ মাজত প্রতিভা বিকাশৰ বাবে এখন প্রকল্প প্রতিযোগিতা আয়োজন কৰে৷ উক্ত প্রকল্প প্রতিযোগিতাত Wind tower খুব সুন্দৰভাৱে বনাই দেখুওৱা বাবে ষষ্ঠ শ্রেণীৰ নিশান্ত বৈশ্যই প্রথম স্থান, পঞ্চম শ্রেণীৰ নীহাৰিকা সাউদ আৰু ভূমিকা সাউদে বায়ুৰ চাপৰ পৰীক্ষা সুন্দৰভাৱে কৰি দেখুওৱা বাবে দ্বিতীয় স্থান আৰু ষষ্ঠ শ্রেণীৰ জ্যোতিস্ময় ঠাকুৰীয়াই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷

You might also like