নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটদান বন্ধ ৰাখি নামাজ আদায় প’লিং অফিচাৰৰ!

কালিৰ দিনটোত ৰাজ্যজুৰি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ পৰ্ব সমাপ্ত হোৱাৰ পিছত আজি ১৮নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত নাভূত নাশ্ৰুত ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি, ভোটদান সাময়িকভাৱে বন্ধ ৰাখি ভোটকেন্দ্ৰৰ ভিতৰতে এজন প’লিং অফিচাৰে নামাজ আদায় কৰা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে ৫৯নং বিজয়গাঁও জে বি স্কুলৰ ১নং ভোটকেন্দ্ৰত।

জানিব পৰা মতে, কালিৰ দিনটোত ভোটদান কৰিবলৈ অহা ভোটাৰসকলক কিছু সময়ৰ বাবে অপেক্ষা কৰাই ৰাখি ভোটকেন্দ্ৰৰ ভিতৰতে নামাজ আদায় কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে ৫৯নং বিজয়গাঁও জে বি স্কুলৰ একেটা চৌহদতে বিজয়গাঁও বৰছৰা সাৰ্বজনীন নামঘৰতো অৱস্থিত।

এজন ভোটাৰে ঘটনাটোৰ দৃশ্য নিজৰ মোবাইল ফোনত বন্দী কৰা বুলি জানিব পৰা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

এই ঘটনাৰ বিষয়ে নিৰ্বাচনী কৰ্তৃপক্ষৰ পৰা এতিয়াও আনুষ্ঠানিক প্ৰতিক্ৰিয়া লাভ হোৱা নাই যদিও বিষয়টো লৈ তদন্ত আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১০ এপ্ৰিল

You might also like