নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত সর্বনিম্ন স্ক’ৰ গুজৰাট টাইটানছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ এপ্ৰিলঃ ৮৯ ৰান৷ আইপিএলৰ ইতিহাসত গুজৰাট টাইটানছৰ এয়া সর্বনিম্ন স্ক’ৰ৷ আহমেদাবাদত দিল্লী কেপিটেলছৰ বিপক্ষে খেলা মেচখনত মাত্র ৮৯ ৰানতে ইনিংছ সামৰে গুজৰাটে৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে আইপিএলত গুজৰাটৰ সর্বনিম্ন স্ক’ৰ আছিল ১২৫ ৰান৷ বিগত আইপিএলত দিল্লীৰ বিপক্ষে সর্বনিম্ন ৰান কৰিছিল গুজৰাটে৷ মেচখনত গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ৯০ ৰানৰ লক্ষ্য ৫৩টা বলতে অতিক্রম কৰে দিল্লী কেপিটেলছে৷ ল’ স্ক’ৰিং মেচখনত দিল্লীয়ে গুজৰাট টাইটানছক ৬ উইকেটত পৰাস্ত কৰে আৰু পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয়৷ দিল্লী কেপিটেলছে এতিয়ালৈকে ৭খন মেচ খেলি তিনিখনত জয় আৰু চাৰিখনত পৰাস্ত হৈ মুঠ ৬ পইণ্টেৰে ষষ্ঠ স্থান অধিকাৰ কৰিছে৷ বিপৰীতে গুজৰাটে সমসংখ্যক মেচ খেলি তিনিখনত জয় আৰু চাৰিখনত পৰাস্ত হৈ ৬ পইণ্টেৰে সপ্তম স্থানলৈ অৱনমিত হয়৷ আজিৰ মেচখনত গুজৰাট টাইটানছে জয়ৰ বাবে বান্ধি দিয়া ৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেক ফ্রেজাৰ–মেকগার্কৰ সর্বাধিক ২০ ৰানৰ সহায়ত দিল্লীয়ে ৮.৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই প্রয়োজনীয় ৰানখিনি সংগ্রহ কৰে৷ ছাই হ’পে ১৯, অধিনায়ক ঋষভ পণ্টে অপৰাজিত ১৬, অভিষেক প’ৰেলে ১৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ অ’পেনাৰ পৃথ্বী শ্বই ৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ সুমিত কুমাৰে ৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ গুজৰাটৰ হৈ সন্দীপ ৱাৰি’ৰে সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে দিল্লীৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি মুকেশ কুমাৰৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ গুজৰাট টাইটানছে ১৭.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৮৯ ৰানহে কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে চলিত আইপিএলত এয়া আছিল সর্বনিম্ন স্ক’ৰ৷ ৰছিদ খানে সর্বাধিক ৩১ ৰান কৰাৰ লগতে সাই সুদর্শনে ১২ আৰু ৰাহুল টেৱাটিয়াই ১০ ৰান কৰে৷ দলটোৰ আঠগৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অধিনায়ক গিলে মাত্র ৮ ৰান কৰে৷ দিল্লীৰ হৈ মুকেশ কুমাৰে ১৪ ৰানত তিনিটা উইকেট লাভ কৰাৰ লগতে ঈশান্ত শর্মাই ৮ ৰানত দুটা, ত্রিষ্টান ষ্টুবছে ১১ ৰানত দুটা, অক্ষৰ পেটেল আৰু খলিল আহমেদে এটাকৈ উইকেট লাভ কৰে৷

You might also like