বীৰ লাচিত সেনাৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে ধনদাবী আৰু অপহৰণৰ অভিযোগত কালি আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ ৫ সদস্যক। আটক কৰা বীৰ লাচিত সেনাৰ উক্ত সদস্যৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্ৰও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পাছতে গুৱাহাটীৰ এখন হোটেলত আয়োজন কৰা সংবাদ মেলৰ মাজতে আৰক্ষীয়ে সংগঠনটোৰ নেতা ৰণ্টু পানীফুকনক আটক কৰি নিয়ে।
বীৰ লাচিত সেনাৰ শেহতীয়া ঘটনাৱলীক লৈ সাংবাদিকৰে হোৱা মুখামুখিত আজি বীৰ লাচিত সেনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টী বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু ইয়াতকৈও কঠোৰ ব্যৱস্থা লোৱা হ’ব। এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই ব্যাপক খেলিমেলি কৰিছে। এচাম সন্দেহযুক্ত লোকে নামৰ পিছত অসম উপাধিটো লগাই নামনি অসমত বহু ডাঙৰ তাণ্ডৱ চলাই আছে। অসম উপাধিটো লগাই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ আৰু অধিক কঠোৰ হ’ব। লাচিত সেনাৰ সকলো গোচৰৰ তদন্ত কৰিব অসম চৰকাৰে। ইতিমধ্যে এই সন্দৰ্ভত সকলো জিলাৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে কালিও মুখ্যমন্ত্ৰীগৰাকী বীৰ লাচিত সেনাৰ কাম-কাজত চৰকাৰ অসন্তুষ্ট হোৱাক লৈ সৰৱ হৈ পৰিছিল। সংগঠনটোৱে ৰাজ্যখনত ব্যৱসায়ৰ পৰিৱেশ বিনষ্ট কৰা বুলি প্ৰকাশ কৰি আলফা (স্বা)ৰ দৰে এদিন বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিব লাগিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ডিজিটেল ডেস্ক, ২৮ অক্টোবৰ