নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘু অধ্যুষিত ৪০ সমষ্টিত জনবিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ অসমৰ ৪০টা সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিত সংঘটিত হৈছে ব্যাপক জনবিস্ফোৰণ৷ শেহতীয়াকৈ জনবিস্ফোৰণক লৈ চর্চা অব্যাহত থকাৰ সময়তে ভোটাৰ তালিকাৰ পর্যবেক্ষণত স্পষ্ট হৈ পৰিছে এই জনবিস্ফোৰণ৷ ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত ৪০টা বিধানসভা সমষ্টিৰ প্রতিটোৰ ২০১১ চনৰ ভোটাৰ তালিকাৰ মুঠ ভোটাৰৰ বিপৰীতে ২০২১ চনৰ মুঠ ভোটাৰৰ পৰিসংখ্যা পর্যবেক্ষণ কৰিলেই উন্মোচিত হৈ পৰে ভোটাৰ বৃদ্ধিৰ বিস্ফোৰক তথ্য৷

বিগত ১০টা বছৰত এই সমষ্টিসমূহত অবিশ্বাস্য হাৰত বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা৷ ভোটাৰৰ এনে বৃদ্ধিয়ে কার্যতঃ এই সমষ্টিসমূহৰ জনগাঁথনি সলনি হোৱাটো নিশ্চিত কৰিছে৷ বিগত সময়ত বিজেপিয়ে ৰাজ্যৰ বিভিন্ন সমষ্টিত জনগাঁথনি পৰিৱর্তনৰ বিষয়ে উল্লেখ কৰি এনে সমষ্টিসমূহত অসমীয়া খিলঞ্জীয়া লোকৰ আধিপত্য নাথাকিব বুলি ধাৰাবাহিকভাৱে প্রকাশ কৰি আহিছে৷ এতিয়া ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত জিলাৰ সমষ্টিসমূহৰ যোৱা ১০টা বছৰৰ ভোটাৰ বৃদ্ধিৰ তথ্যতে তেনে সম্ভাৱনা প্রকট হৈ পৰিছে৷

বৰপেটা জিলাৰ জনিয়াৰ দৰে সংখ্যালঘু অধ্যুষিত সমষ্টিত বিগত দহ বছৰত ৭৪,৯৮১জন ভোটাৰ বৃদ্ধি হোৱাৰ লগতে এই বৃদ্ধিৰ হাৰ ৫৫ শতাংশ৷ একেদৰে বাঘবৰ সমষ্টিত ৫৭,৭৫৮জন ভোটাৰ বৃদ্ধি হোৱাৰ বিপৰীতে এই বৃদ্ধিৰ হাৰ ৫৩ শতাংশ৷ ধিং সমষ্টিত বিগত ১০ বছৰত ৭৩,৮২৯জন ভোটাৰ বৃদ্ধি পাইছে আৰু এই বৃদ্ধিৰ হাৰ ৪৭ শতাংশ৷

আনহাতে, মানকাচৰ সমষ্টিত ১০ বছৰত ৪৬ শতাংশৰে বৃদ্ধি হৈছে ৭১,৪৭১জন ভোটাৰ৷ দলগাঁৱৰ দৰে সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টিত যোৱা ১০ বছৰত বৃদ্ধি পাইছে ৭৪,৮৮১জন ভোটাৰ৷ সমষ্টিটোত ভোটাৰৰ বৃদ্ধিৰ হাৰ ৪৫ শতাংশ৷ ১০ বছৰতে এনে বিস্ফোৰক ভোটাৰ বৃদ্ধিয়ে এই সমষ্টিসমূহত জনবিস্ফোৰণ ঘটাটো স্পষ্ট কৰি তুলিছে৷ নিম্ন উল্লিখিত তালিকাখনৰ পৰাই জনবিস্ফোৰণৰ সমগ্র প্রতিচ্ছবি স্পষ্ট হৈ পৰে৷

দহ বছৰতে ভোটাৰ বৃদ্ধিৰ এনে ভয়ংকৰ তথ্যৰ পৰা এতিয়া ৰাজ্যৰ ৰাজনীতিত খিলঞ্জীয়াৰ প্রভুত্বৰ ওপৰতে প্রশ্ণৰ অৱতাৰণা হৈছে৷ যোৱা বিধানসভা নির্বাচনৰ ফলাফলে এই বিষয়টো অধিক স্পষ্ট কৰি তুলিছে৷ শেহতীয়া বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টো মূল নির্বাচনী ইছ্যু কৰাৰ বিপৰীতে কংগ্রেছে সংখ্যালঘুৰ দল ৰূপে পৰিচিত এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰে মহাজোঁট গঠন কৰি ৰাজ্যৰ ধর্মীয় সংখ্যালঘু লোকৰ ত্রাণকর্তাৰ ভূমিকাত অৱতীর্ণ হৈছিল৷ অবিশ্বাস্য হাৰত ভোটাৰ বৃদ্ধি পোৱা ৪০টা বিধানসভা সমষ্টিৰ যোৱা নির্বাচনী ফলাফল অনুসৰি ৩৩টাতে মহাজোঁটৰ প্রার্থী বিজয়ী হোৱাটোৱে জনগাঁথনিৰ পৰিৱর্তন স্পষ্ট কৰিছে৷ উল্লেখ্য যে এই সমষ্টিসমূহৰ জনিয়া, ধিং, মানকাচৰ, দলগাঁও, যমুনামুখ, চেঙা, বিলাসীপাৰা পশ্চিম, সোণাই, বিলীসাপাৰা পূব, গৌৰীপুৰ আৰু ধুবুৰী সমষ্টি এ আই ইউ ডি এফৰ দখললৈ যোৱাৰ উপৰি বাঘবৰ, নাওবৈচা, অভয়াপুৰী উত্তৰ, ৰূপহীহাট, অভয়াপুৰী দক্ষিণ, বকো, সৰুক্ষেত্রী, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, কাটিগড়া, ছয়গাঁও, দুধনৈ, লাহৰীঘাট, জলেশ্বৰ, বৰপেটা, বৰখলা, দক্ষিণ শালমাৰা, কৰিমগঞ্জ দক্ষিণ, গোলকগঞ্জ আৰু ৰহা সমষ্টিত কংগ্রেছৰ প্রার্থী বিজয়ী হয়৷ আনহাতে, সৰভোগত মিত্রজোঁটৰ অংশীদাৰ চি পি আই (এম) আৰু মাজবাটত বি পি এফৰ প্রার্থী জয়ী হয়৷ ইয়াৰ বিপৰীতে বিজেপি মিত্রজোঁটৰ দখললৈ যোৱা ধলাই, পাথাৰকান্দি, হোজাই, লক্ষীপুৰ, হাজো, বিজনী আৰু জাগীৰোড সমষ্টিত যি হাৰত ধর্মীয় সংখ্যালঘু ভোটাৰ বৃদ্ধি হৈছে, তেনে বৃদ্ধি অব্যাহত থাকিলে এইকেইটা সমষ্টিৰ ভৱিষ্যতো পৰৱর্তী সময়ত একমাত্র সংখ্যালঘু ভোটাৰে নির্ণয় কৰাটো নিশ্চিত হৈ পৰিব৷

বৰাক উপত্যকাৰ বহুকেইটা হিন্দু সংখ্যাগৰিষ্ঠ সমষ্টি ইতিমধ্যে মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টিলৈ পৰিৱর্তিত হৈছে৷ সংখ্যালঘু ভোটাৰ ব্যাপক হাৰত বৃদ্ধিৰ ফলতে এতিয়া ধলাই, কৰিমগঞ্জ উত্তৰ, লক্ষীপুৰ, কাটিগড়া আদি সমষ্টিত হিন্দু–মুছলমান ভোটাৰৰ সংখ্যা সমান সমান হৈ পৰিছে৷ জনগাঁথনিৰ এনে পৰিৱর্তনে এতিয়া এটা দশকতে ৰাজ্যৰ বিভিন্ন সমষ্টিত খিলঞ্জীয়া অসমীয়াৰ আধিপত্য নিশ্চিহ্ণ কৰি তোলাটো অতিকে গুৰুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহৰ জনগাঁথনিৰ পৰিৱর্তনৰ বিপৰীতে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ আধিপত্য থকা সমষ্টিসমূহত বিগত দহ বছৰত ভোটাৰ বৃদ্ধিৰ পৰিমাণ এই সমষ্টিসমূহতকৈ বহু নিম্ন বুলি পৰিসংখ্যাত স্পষ্ট হৈ পৰিছে৷ এই দহ বছৰৰ ভোটাৰ তালিকাৰ পর্যবেক্ষণ অনুসৰি হাফলঙত ১৩ শতাংশ, বোকাজানত ১৪ শতাংশ, হাওৰাঘাটত ২২ শতাংশ, ডিফুত ২১ শতাংশ, বৈঠালাংছ’ত ২১ শতাংশ, গোসাঁইগাঁৱত ১৮ শতাংশ, বঙাইগাঁৱত ২২ শতাংশ, পাটাছাৰকুছিত ১৫ শতাংশ, পূব গুৱাহাটীত ৬ শতাংশ, পলাশবাৰীত ২১ শতাংশ, ধর্মপুৰত ১১ শতাংশ, চাপাগুৰিত ২৩ শতাংশ, পানেৰীত ২৪ শতাংশ, ছিপাঝাৰত ১৯ শতাংশ, ওদালগুৰিত ২৪ শতাংশ, তেজপুৰত ২৪ শতাংশ, বঢ়মপুৰত ২০ শতাংশ, যোৰহাটত ২১ শতাংশ, মাজুলীত ২২ শতাংশ, মৰিয়নিত ১৮ শতাংশ, আমগুৰিত ১৩ শতাংশ, টীয়কত ২০ শতাংশ, নাজিৰাত ১৮ শতাংশ, মাহমৰাত ২০ শতাংশ, শিৱসাগৰত ১২ শতাংশ, ডিব্রুগড়ত ২০ শতাংশ, নাহৰকটীয়াত ২১ শতাংশ, দুলীয়াজানত ২১ শতাংশ ভোটাৰহে বৃদ্ধি পাইছে৷ এই সমষ্টিসমূহৰ পৰিসংখ্যাই খিলঞ্জীয়া অসমীয়াৰ আধিপত্য থকা সমষ্টিৰ ভোটাৰ বৃদ্ধি আৰু সংখ্যালঘু অধ্যুষিত সমষ্টিৰ ভোটাৰ বৃদ্ধিৰ পার্থক্য স্পষ্ট কৰি তুলিছে৷ এই সমগ্র পৰিসংখ্যাসমূহে এতিয়া ৰাজ্যখনৰ জনগাঁথনি পৰিৱর্তনৰ ভয়াৱহ ইংগিত বহন কৰিছে৷

You might also like