নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গৰু মাফিয়া চূড়াংগি

বিশাখাপট্টনমৰ পৰা গ্রেপ্তাৰ কৰা চূড়াংগি গৰু ছিণ্ডিকেটৰ কিং পিন ৰবি ৰেড্ডীৰ আত্মীয়

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সষ্টম হৈছে কোকৰাঝাৰ আৰক্ষী৷ কেইদিনমান পূর্বে চাৰিজনকৈ গৰু ছিণ্ডিকেটৰ মাফিয়াক গ্রেপ্তাৰ কৰাৰ পাছত এইবাৰ অন্ধপ্রদেশৰ আন্তঃৰাষ্ট্রীয় গৰু ছিণ্ডিকেটৰ সৈতে জড়িত চূড়াংগি ছাইনিয়াক গ্রেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে৷

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰী কৰা মতে, গোসাঁইগাঁও থানাত ৰুজু হোৱা ৪৬/২০২১ নম্বৰৰ গোচৰৰ ভিত্তিত আন্তঃৰাষ্ট্রীয় গৰু চোৰ চক্রৰ সৈতে জড়িত চূড়াংগি ছাইনিয়াক তিনি দিন পূর্বে চেন্নাইৰ বিশাখাপট্টনমৰ পৰা গ্রেপ্তাৰ কৰাৰ পাছত কালি নিশা চূড়াংগি ছাইনিয়াক লৈ কোকৰাঝাৰ আৰক্ষীয়ে গৰুচোৰ ছিণ্ডিকেটৰ সৈতে জড়িত আন লোকসকলৰ ঘৰ দেখুৱাবলৈ জিলাখনৰ শুকানঝোৰালৈ নিছিল৷ গৰুৰ ছিণ্ডিকেটৰ সৈতে জড়িত আন লোকসকলৰ ঘৰ দেখুৱাবলৈ নিয়াৰ সময়তে নিশা এক বজাত চূড়াংগি ছাইনিয়াই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীকে গুলী কৰিবলৈ উদ্যত হোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে তৎপৰতাৰে গুলীচালনা কৰে৷

আৰক্ষীৰ গুলীচালনাৰ ফলত ছাইনিয়া গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়৷ আহত চূড়াংগি ছাইনিয়াক প্রথমে কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ ববে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ চূড়াংগি ছাইনিয়াৰ ভৰিত গুলী লাগিছে বুলি সদৰী কৰি গৰু মাফিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে৷ বর্তমানলৈকে ১২জনকৈ গৰু মাফিয়াক কোকৰাঝাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলিও সদৰী কৰিছে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে৷

ইফালে দিল্লীত শনিবাৰে এখন সংবাদ মেলত মুখ্যমন্ত্রীয়ে ৰাজ্যৰ অপৰাধী আৰু চোৰাং কাৰবাৰীসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ প্রসংগ উত্থাপন কৰি কয় যে বিশাখাপট্টনমৰ পৰা গ্রেপ্তাৰ কৰা চূড়াংগি ছাইনিয়া গৰুৰ চোৰাং কাৰবাৰৰ কিংপিন ৰবি ৰেড্ডীৰ আত্মীয়৷

You might also like