নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থঃ ভৰ্তি ডাউন টাউনত

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ। মহন্তক স্বাস্থ্যজনিত কাৰণত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গেষ্ট্ৰাৰাইটিছত আক্ৰান্ত হোৱাৰ বাবে হাস্পতালত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়। বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত মহন্তক বিশেষ কেবিনত ৰাখি চিকিৎসা কৰা হৈছে। সূত্ৰ অনুসৰি মহন্ত সাধাৰণভাৱে অসুস্থ যদিও কাইলৈৰ দিনটোতে তেওঁক ঘৰলৈ যাব দিব পৰা যাব।

You might also like