নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Bra Fence: আঁৰি থোৱা অন্তৰ্বাসৰ বাবে বিখ্যাত এক আজৱ পৰ্যটনস্থলী

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ আজৱ বিশ্ব গজৱ খবৰ। বিশ্বৰ পৰ্যটনস্থলীসমূহ সাধাৰণতে প্ৰকৃতিয়ে নিজেই সৃষ্টি কৰিছে। কিন্তু এনে এক পৰ্যটনস্থলী আছে যি কেইগৰাকীমান যুৱতীয়ে সৃষ্টি কৰিছে। জানিলে আচৰিত হ’ব যে কেইগৰাকীমান যুৱতীয়ে  নিজৰ অন্তৰ্বাস তাঁৰত বান্ধি আঁৰি থৈছিল। এতিয়া অন্তৰ্বাস থকা ঠাইখনেই হৈ পৰিছে প্ৰসিদ্ধ পৰ্যটনস্থলী।

নিউজিলেণ্ডত কাৰ্ডনা উপত্যকাত Bra Fence নামেৰে প্ৰসিদ্ধ এই পৰ্যটনস্থলী। এই পৰ্যটনস্থলীলৈ দেশ-বিদেশৰ পৰা পৰ্যটক আহে কেৱল তাঁৰত থকা অন্তৰ্বাস চাবলৈ। দৰাচলতে ১৯৯৮-৯৯ চনত চাৰিগৰাকী স্থানীয় যুৱতীয়ে নৱবৰ্ষ উদযাপন কৰি ঘৰলৈ উভতি যাওঁতে নিজৰ নিজৰ অন্তৰ্বাস খুলি তাঁৰত বান্ধি দিছিল। কিন্তু কিয় এয়া কৰিছিল  স্পষ্ট কাৰণ জনা নাযায় । কিন্তু সেইসময়ৰ পৰাই Bra Fence এক আকৰ্ষণীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে।কিন্তু এই পৰ্যটনস্থলীলৈ অহা পৰ্যটকেও  নিজৰ নিজৰ অন্তৰ্বাস খুলি তাঁৰত ওলমাই থোৱাত এতিয়া ঠাইখন অন্তৰ্বাসেৰে ভৰি পৰিছে আৰু ঠাইখনেও প্ৰসিদ্ধি লাভ কৰিছে।

You might also like