নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱশক্তি মহাশক্তি, ৰাষ্ট্র নির্মাণত প্রয়োগ কৰক এই শক্তি

প্রজ্ঞা ফাউণ্ডেচনৰ যুৱ নেতৃত্ব সমাৰোহত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ যুৱশক্তি মহাশক্তি, এই শক্তিক অবাবত ব্যয় নকৰি ইয়াক ৰাষ্ট্র নির্মাণত প্রয়োগ কৰিব লাগিব৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ স্বামী বিবেকানন্দৰ জন্মদিনটোত অনুষ্ঠিত হৈ অহা ৰাষ্ট্রীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে প্রজ্ঞা ফাউণ্ডেচনে আয়োজন কৰা যুৱ নেতৃত্ব এছ পাঠ্যক্রমৰ প্রথমটো শিক্ষার্থী গোটৰ শৈক্ষিক কার্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ সমাৰোহত মুখ্যমন্ত্রীয়ে কয় যে ৰাষ্ট্রধর্ম পালন কৰি ভাৰতবর্ষৰ বাবে সমর্পিত হৈ সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ যুৱশক্তি সাজু হৈ থাকিব লাগে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীৰ মন্তব্য– স্বামী বিবেকানন্দৰ জন্মদিৱসৰ এই পৱিত্র দিনটোতে ভাৰতীয় সমাজখনে বিশ্ব শ্রেষ্ঠ হিচাপে নিজকে প্রতিষ্ঠা কৰাৰ সংকল্প গ্রহণ কৰিছে৷ ভাৰতীয় সমাজ পাঁচ হাজাৰ বছৰীয়া সভ্যতা–সংস্কৃতিৰে সমুজ্জ্বল৷ স্বামী বিবেকানন্দই ১৮৯৩ চনতে আমেৰিকা যুক্তৰাষ্টৰ চিকাগো চহৰত আয়োজিত বিশ্ব আধ্যাত্মিক সন্মিলনত ভাৰতবর্ষৰ এই শক্তিৰ কথা বিশ্ববাসীৰ আগত সগৌৰৱেৰে প্রতিষ্ঠা কৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও এই আদর্শৰে আমাৰ দেশখনক বিশ্বগুৰু হিচাপে প্রতিষ্ঠা কৰাৰ বাবে ইতিমধ্যে লক্ষ্য বান্ধি দিছে৷ ভাৰতক বিশ্বৰ যুৱশক্তিৰ প্রাণকেন্দ্র বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– প্রধানমন্ত্রীয়ে এই লক্ষ্যৰে যুৱশক্তিৰ দ্বাৰা নেতৃত্ব বহনকাৰী উন্নয়নৰ ওপৰত সর্বাধিক অগ্রাধিকাৰ দিছে৷ স্বামী বিবেকানন্দৰ লগতে মহান ভাৰতীয় ৰাষ্ট্রীয়তাবাদৰ প্রতিষ্ঠাতা শ্যামাপ্রসাদ মুখার্জীৰ অৰিহণাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়–এক প্রধান, এক নিচান, এক সংবিধানৰ আদর্শৰে উদ্বুদ্ধ হৈ শ্রেষ্ঠ ভাৰত গঢ়াৰ বাবে আমি নিজকে সমর্পিত কৰিব লাগিব৷

অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই স্বামী বিবেকানন্দৰ আদর্শ আৰু আধ্যাত্মিক ৰাষ্ট্রবাদৰ কথা উল্লেখ কৰি কয়– মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আছিল আধ্যাত্মিক ৰাষ্ট্রবাদৰ পিতৃস্বৰূপ৷ ভাৰতীয় মহাজাতি আৰু ভাৰতৰ পুণ্যভূমিৰ পৱিত্রতাৰ বিষয়ে শ্রীমন্ত শংকৰদেৱে ১৫শ শতিকাতে আমাক দি থৈ গৈছে৷ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ ভাৰতত যদি ৰাজনৈতিক ৰাষ্ট্রীয়তাবাদৰ স্বৰূপ আমাক কৌটিল্যই দি থৈ গৈছিল, চাণক্যই দি থৈ গৈছিল, তেওঁলোক ভাৰতীয় ৰাজনৈতিক ৰাষ্ট্রীয়তাবাদৰ পিতৃস্বৰূপ আছিল৷ শ্রীমন্ত শংকৰদেৱ আছিল আধ্যাত্মিক ৰাষ্ট্রীয়তাবাদৰ পিতৃস্বৰূপ৷ কৌটিল্য–চাণক্য আমাৰ জাতিটোৰ প্রাণ প্রতিষ্ঠাতা নাছিল৷ শ্রীমন্ত শংকৰদেৱ আছিল আমাৰ জাতিৰ প্রতিষ্ঠাপক৷ তেওঁ আছিল ভাৰতৰ আধ্যাত্মিক ৰাষ্ট্রীয়তাবাদৰ পিতৃ৷ আমাৰ কেইবাজনো লেখকে লিখি থৈ গৈছে যে ১৫০০ শতিকাত যেতিয়া ভাৰতৰ আকাশত স্খলন হৈছিল, ভাৰতৰ সভ্যতা যেতিয়া নিম্নগামী হৈছিল, ভগৱান শ্রীকৃষ্ণই কোৱাৰ দৰে ভাৰতৰ বুকুত কেইবাজনো সিদ্ধ পুৰুষে অৱতাৰস্বৰূপে জন্মগ্রহণ কৰিছিল৷ সেই সময়ত দাক্ষিণাত্যত যদি মাধৱাচার্য, ৰামানুচার্য, পশ্চিমবংগত ভগৱান চৈতন্যৰ জন্ম হৈছিল আৰু এই উত্তৰ–পূবৰ বুকুত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্ম হৈছিল৷ এইসকলৰ লেখাত বেদ–বেদান্তৰ সংযোজন হৈছিল৷ আমি নৱবৈষ্ণৱ ধর্মৰ উৎত্থান দেখা পাওঁ, তেওঁলোকৰ লেখাত আমি কৃষ্ণৰ স্বৰূপ দেখা পাওঁ৷ কিন্তু তেওঁলোকৰ লেখাত ভাৰতীয় আধ্যাত্মিক ৰাষ্ট্রবোধৰ স্বৰূপ অংকুৰিত হোৱা নাছিল৷ কেৱল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ১৫শ শতিকাত এই আধ্যাত্মিক ধাৰণা দি থৈ গৈছে৷

আন এক প্রসংগত মন্ত্রী ড০ শর্মাই কয়– আমাৰ বহু ডেকাল’ৰা তথা যুৱক–যুৱতীয়ে জাতীয়তাবাদৰ কথা কয়৷ কিন্তু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱতকৈ জাতীয়তাবাদী ব্যক্তি, অসমৰ মাটিক ভালপোৱা তেনে কোনো এজন দ্বিতীয় পুৰুষ আজিলৈকে জন্ম হোৱা নাই৷ শ্রীমন্ত শংকৰদেৱৰ আদর্শ আছিল বেদান্তৰ আদর্শ৷ তেওঁ বাৰে বাৰে চিঞৰি কৈছিল– ‘ইটো বিতোপন ধর্ম সনাতন৷’ সনাতন সংস্কৃতিৰ লগত অসমীয়া জাতিটোক মহাপুৰুষজনে ভাবিব নোৱাৰা ঐক্যতাৰে বান্ধি থৈ গৈছিল৷ শ্রীকৃষ্ণই যেতিয়া ৰুক্মিণীক লৈ গৈছিল, সেই সময়তে ভাৰত আৰু অসমৰ মাজত আৰম্ভ হৈছিল বৈবাহিক সম্পর্ক৷ যেতিয়া ৰজা ভগদত্তই কুৰুক্ষেত্রত নিজৰ পৰাক্রম প্রতিষ্ঠা কৰিছিল, সেয়া আছিল অসমৰ সৌর্য–বীর্যৰ প্রতীক৷ এই ঘটনাবোৰৰ বহু ওপৰলৈ গৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে কৈ থৈ গৈছিল যে ভাৰতীয় আধ্যাত্মিকতাৰ ভেটিৰেই আমাৰ জাতিটো গঢ় ল’ব৷ মহাপুৰুষজনে আধ্যাত্মিক জাতীয়তাবাদৰ ধাৰণাটো তেতিয়াই আমাক দি থৈ গৈছিল৷ উল্লেখ্য যে প্রজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত আজি আয়োজিত যুৱ নেতৃত্ব সমাৰোহত বৰাক–ব্রহ্মপুত্র উপত্যকাৰ ১০০খন বিভিন্ন মহাবিদ্যালয়ৰ ৯৩৩গৰাকী ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰে৷ এই বিশেষ অনুষ্ঠানটোৰ অন্যতন উদ্যোক্তা আছিল সমাজকর্মী বশিষ্ঠ বুজৰবৰুৱা৷ জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটাই আঁত ধৰা এই অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, প্রজ্ঞা ফাউণ্ডেচনৰ অন্যতম আহ্বায়ক তথা বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়া, কণ্ঠশিল্পী জিতু সোণোৱাল, অভিনেত্রী গায়ত্রী মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like