নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক দেশৰ সুনাম উজলাই তুলিবলৈ আহ্বান মুখ্যমন্ত্রীৰ

গুৱাহাটী এইমছৰ শৈক্ষিক কার্যসূচীৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ চাংসাৰিত নির্মীয়মাণ সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ), গুৱাহাটীৰ এম বি বি এছ পাঠ্যক্রমৰ প্রথমটো শিক্ষার্থী গোটৰ শৈক্ষিক কার্যসূচী মঙলবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত বন্তি প্রজ্বলনেৰে শিক্ষাবর্ষৰ আৰম্ভ কৰা হয়৷ এই কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইমছৰ দৰে প্রতিষ্ঠান অসমত স্থাপন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু স্বাস্থ্যমন্ত্রী হর্ষবর্ধনক ধন্যবাদ জ্ঞাপন কৰি কয় যে বিগত ৬ বছৰত প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে সমগ্র উত্তৰ–পূর্বাঞ্চলৰ লগতে অসমৰ ক্ষিপ্র উন্নয়নৰ বাবে যি উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে, ইয়ে উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নত এক বিশেষ মাত্রা প্রদান কৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানখন প্রতিষ্ঠাৰ দিশত দিনে–নিশাই যি কষ্ট কৰিলে, সেয়াও শলাগিবলগীয়া৷ কেন্দ্র আৰু ৰাজ্যৰ সক্রিয় সহযোগিতাত আজি ই সম্ভৱ হৈ উঠিল৷ মুখ্যমন্ত্রীয়ে এই প্রতিষ্ঠানত ভাৰতৰ ভিন্ন প্রান্তৰ পৰা অন্তর্ভুক্ত হোৱা ছাত্র–ছাত্রীসকলক নিষ্ঠাৰে অধ্যৱসায়ত ব্রতী হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবেও আহ্বান জনায়৷ তেওঁ লগতে যুৱ শক্তিক মহাশক্তি বুলি উল্লেখ কৰি ভাৰতৰ যুৱ শক্তিয়ে ভাৰতবর্ষক স্বাস্থ্যকে ধৰি সকলো খণ্ডতে বিশ্বৰ শ্রেষ্ঠ ৰাষ্ট্র হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তা বহন কৰিছে বুলিও কয়৷

ভাৰতবর্ষত জন্ম লোৱাটো এক সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ প্রথম শিক্ষার্থীৰ দলটোক এই প্রতিষ্ঠানখনৰ লগতে ভাৰতৰ সুনাম বিশ্বৰ বুকুত উজ্জ্বল ৰূপত উদ্ভাসিত কৰাৰ বাবে কঠোৰ পৰিশ্রমত ব্রতী হোৱাৰ বাবেও আহ্বান জনায়৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে সন্মিলিতভাৱে এইমছৰ বাকী থকা কামখিনি দ্রুততাৰে সম্পন্ন কৰিব বুলিও মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে প্রদান কৰা বক্তব্যত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্রী ডাঃ হর্ষবর্ধনে সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ প্রথমটো শিক্ষার্থী দল হিচাপে নিজকে সৌভাগ্যৱান হিচাপে গণ্য কৰিবলৈ আহ্বান জনায়৷ এই প্রসংগত তেওঁ কয় যে আজি এই ছাত্র–ছাত্রীসকলক দুগৰাকী কেন্দ্রীয় মন্ত্রী, এগৰাকী মুখ্যমন্ত্রী, ৰাজ্যৰ দুগৰাকী মন্ত্রী, দুগৰাকী সাংসদ, ৰাজ্যৰ মুখ্য সচিবকে ধৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে উষ্ম আদৰণি জনাইছে৷ এনেদৰে একেলগে ইমান গণ্য–মান্য ব্যক্তিয়ে আদৰণি জনোৱাটো তেওঁলোকৰ জীৱনৰ বাবে এক স্মৰণীয় মুহূর্ত হৈ ৰ’ব৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই ছাত্র–ছাত্রীসকলক নিজৰ অধ্যৱসায়ত ব্রতী হৈ সুচিকিৎসক হিচাপে ভৱিষ্যতে নিজৰ সুনাম অর্জন কৰাৰ দিশত দায়বদ্ধতাৰে অৱতীর্ণ হোৱাৰ বাবে আহ্বান জনায়৷ ভাল চিকিৎসক এদিনতে সৃষ্টি নহয় বুলি মন্তব্য কৰি শিক্ষার্থীসকলৰ মাজত নিষ্ঠা, দায়বদ্ধতা, একাগ্রতা ইত্যাদি গুণসমূহৰ উপযুক্ত সমাহাৰ ঘটিব লাগিব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

ভাষণ প্রসংগত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ক’ভিড–১৯ ব্যৱস্থাপনাৰ দিশত অসমে লাভ কৰা বিশেষ সফলতাৰ বিষয়ে উল্লেখ কৰি কয় যে ক’ভিড–১৯ৰ জটিল সময়ত অসমৰ ব্যৱস্থাপনাক লৈ কেন্দ্রীয় চৰকাৰ কোনোদিনে চিন্তিত হ’ব লগা নহ’ল৷ ইয়াৰ বাবে মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী, ৰাজ্যিক স্বাস্থ্যমন্ত্রীকে ধৰি ইয়াৰ লগত জডিত থকা সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত বক্তব্য প্রদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইমছৰ দৰে প্রতিষ্ঠান অসমত স্থাপনৰ দিশত লোৱা ভূমিকাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী তথা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনক ধন্যবাদ জ্ঞাপন কৰে৷ ১,১২৩ কোটি টকা ব্যয়ৰ এই প্রতিষ্ঠানখনৰ আধাৰশিলা ২০১৭ চনৰ ২৬ মে’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্থাপন কৰাৰ উপৰি ২০১৯ বর্ষৰ ৭ ফেব্রুৱাৰীত প্রধানমন্ত্রীগৰাকীয়্ ভূমিপূজন কৰিছিল বুলিও তেওঁ কয়৷ ৰাজ্য চৰকাৰে এই প্রতিষ্ঠানখন স্থাপনৰ বাবে প্রয়োজনীয় ভূমি প্রদান কৰাৰ উপৰি ১৫০ কোটি টকাৰ বাজেট ব্যৱস্থাপনাও কৰিছে বুলি ড০ শর্মাই উল্লেখ কৰে৷ এই প্রতিষ্ঠানখন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সন্মিলিত সহযোগিতাত হোৱা এক উল্লেখযোগ্য প্রতিষ্ঠান বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে প্রথম শিক্ষাবর্ষৰ ছাত্র–ছাত্রীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ অনুষ্ঠানত ভিডি’ কনফাৰেঞ্চিংযোগে প্রদান কৰা ভাষণত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্রী অশ্বিনী কুমাৰ চৌৱেয়ে আজিৰ দিনটোক অত্যন্ত শুভদিন বুলি উল্লেখ কৰাৰ লগতে স্বামী বিবেকানন্দৰ পৱিত্র জন্মদিনটোতে সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, গুৱাহাটীৰ শিক্ষাবর্ষ আৰম্ভ হোৱাটো এক উল্লেখযোগ্য বিষয় বুলি কয়৷ আজিৰ এই অনুষ্ঠানত এইমছ, ভুবনেশ্বৰৰ সঞ্চালক তথা এইমছ, গুৱাহাটীৰ মেণ্টৰ ডাঃ গীতাঞ্জলি বটমানৱনে আদৰণী ভাষণত এইমছ, গুৱাহাটীৰ বিভিন্ন দিশ সামৰি এক প্রেজেণ্টেচনো আগবঢ়ায়৷ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ কুইন ওজা আৰু ডাঃ ৰাজদীপ ৰয়ে ভাষণ প্রদান কৰাৰ উপৰি এইমছ, গুৱাহাটীৰ সভাপতি ডাঃ চিত্রা সৰকাৰেও ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে বক্তব্য প্রদান কৰে৷ এইমছ, গুৱাহাটীৰ ফিজি’লজী বিভাগৰ মুৰব্বী মানসী ভট্টাচার্যই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায়৷

You might also like