নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০%তকৈ কম মুছলমান ভোটাৰ থকা সমষ্টিত কৰিব গোপন বুজাবুজি

কংগ্রেছ–ইউডিএফৰ গোপন ৰণকৌশলৰ তথ্য ফাদিল মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনক লৈ কংগ্রেছ–এ আই ইউ ডি এফে ৰচনা কৰা গোপন ৰণকৌশলৰ কেতবোৰ গুৰুত্বপূর্ণ তথ্য ফাদিল কৰিছে ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দলীয় নির্বাচনী ‘ৰোড মেপ’ যুগুত কৰাৰ উদ্দেশ্যে কালি নিশা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে অনুষ্ঠিত বৈঠকৰ পাছত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দি বিত্তমন্ত্রী ড০ শর্মাই কয় যে প্রথমতে তেওঁলোকৰ মিত্রতা হৈ লওক৷ পুৱা যদি তেওঁলোকৰ কোনোবাই কয় মিত্রতা হ’ব, গধূলি কোনোবাই কয় মিত্রতা নহ’ব৷ গতিকে প্রথমতে তেওঁলোকৰ মিত্রতা হৈ লওক৷ তাৰ পাছত আমি প্রতিক্রিয়া দিম৷ মিত্রতা হ’লে তেওঁলোকক কেনেকৈ গ’ল দিব লাগিব, নহ’লে কেনেকৈ গ’ল দিব লাগিব আৰু গোপন বুজাবুজি হ’লে কেনেকৈ গ’ল দিব লাগিব, তাৰ তিনিওটা পৰিকল্পনাই আমাৰ সাজু আছে৷ কিন্তু কোনটো ৰাস্তাৰে আগবাঢ়িব লাগিব, সেইটো সিদ্ধান্ত আমি ল’ব নোৱাৰোঁ৷ যেতিয়া কংগ্রেছ–এ আই ইউ ডি এফে সিদ্ধান্ত ল’ব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম৷ পিছে মোৰ হাতত থকা খবৰ মতে, তেওঁলোকে গোপন মিত্রতাৰ দিশতহে বেছিকৈ আগবাঢ়িছে৷ যিবোৰ আসনত ৮০ শতাংশতকৈ বেছি মুছলিম ভোটাৰ আছে, তাত তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিব৷ ৫০–৮০ শতাংশ মুছলিম ভোটাৰ থকাবোৰত তেওঁলোকে বুজাবুজি কৰিব৷ সেইদৰে ৫০ শতাংশতকৈ তলত থকাখিনিত তেওঁলোকে গোপন বুজাবুজি কৰিব৷ কংগ্রেছ–এ আই ইউ ডি এফে তিনিটা পর্যায়ত এইদৰে ৰণকৌশল প্রস্তুত কৰাৰ কথা উল্লেখ কৰি বিত্তমন্ত্রী ড০ শর্মাই পুনৰ কয় যে বাঘবৰ, জনিয়া আদিত তেওঁলোকৰ মিত্রতা নহয়৷ তাত মিত্রতা হ’লেও কোন জিকিব? কংগ্রেছ–এ আই ইউ ডি এফেই জিকিব৷ বিজেপি জিকাৰ সম্ভাৱনা নাই৷ মই জনাত তেনেকুৱা সমষ্টিবোৰত তেওঁলোকে মিত্রতা নকৰে৷ কিন্তু বটদ্রৱা বা আন তেনেকুৱা যিবোৰ সমষ্টিত মিত্রতা হ’লে বিজেপিৰ কষ্ট হ’ব, সেইবিলাকত তেওঁলোকে আনুষ্ঠানিক বা অনানুষ্ঠানিক মিত্রতা কৰিব৷

কংগ্রেছৰ ভিতৰৰ পৰাই এতিয়ালৈকে এই খবৰ আহিছে বুলি তেওঁ দাবী কৰে৷ বিত্তমন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি অহা সপ্তাহত কংগ্রেছে নির্বাচনী ইস্তাহাৰ কমিটী, নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ নিযুক্তি দিয়াৰ লগতে এখন সমন্বয় কমিটী গঠন কৰিব৷ যোৱা দুদিনত কংগ্রেছে এই পৰিকল্পনা গ্রহণ কৰিছে৷ এনে এখন কমিটীৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈ হোৱাৰ বিপৰীতে আন এখনৰ অধ্যক্ষ হ’ব সাংসদ প্রদ্যুৎ বৰদলৈ৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা সন্দর্ভত তেওঁ পুনৰ কয় যে তেওঁলোকৰ মিত্রতা হ’লেও ৪০খন আসন আমাৰ লগত নাই, নহ’লেও আমাৰ লগত নাই৷ যদি ৪০খন আসন নাই বুলি ধৰি লওঁ, তেন্তে আমি ৯০লৈকে নামি যাম৷ এতিয়া সেই ৪০খন আসনৰ পৰা আমি কেনেকৈ অন্ততঃ ১৫খন আনিব পাৰোঁ, তাৰ পৰিকল্পনা ৰচনা কৰি আছোঁ৷ গতিকে নির্বাচনটো ১৫খন আসনতেই হ’ব৷ কালি নিশা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে দুখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে এখন বৈঠক ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলৰ লগত আৰু আনখন মুখ্যমন্ত্রীকে ধৰি আমাৰ এটা সৰু দলৰ লগত হৈছিল৷ আমি অহা ২৮ ফেব্রুৱাৰীলৈকে কিদৰে আগবাঢ়ি যাব লাগিব, তাৰ এক ৰোড মেপ বৈঠকত প্রস্তুত কৰা হয়৷

নির্বাচনী প্রচাৰ অভিযান কেনেধৰণে আৰম্ভ হ’ব বুলি সোধাত তেওঁৰ মন্তব্য আছিল এনেধৰণৰ– অহা ১৮ জানুৱাৰীত ধেমাজিত মোৰ এটা চাইকেল যাত্রা আছে৷ তাৰ পাছত ১৯ জানুৱাৰীত হ’ব বিহপুৰীয়াত৷ প্রতি সপ্তাহত এতিয়াৰ পৰা দুটা সমষ্টিত দুদিনকৈ ৩০ কিলোমিটাৰ চাইকেল যাত্রা হ’ব৷ এই কার্যসূচী মোৰ নিজৰ ফালৰ পৰা৷ ঠিক তেনেকৈ মুখ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়েও প্রচাৰৰ কার্যসূচী বনাইছে৷ দলৰ ফালৰ পৰাও ২৮ ফেব্রুৱাৰীলৈ এটা সম্পূর্ণ পৰিকল্পনা প্রস্তুত কৰা হৈছে৷

নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈও বিত্তমন্ত্রী ড০ শর্মাই গুৰুত্বপূর্ণ মন্তব্য কৰে৷ অসম জাতীয় পৰিষদ সন্দর্ভত বিত্তমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকক ৰাজনীতিলৈ অহাটো মই প্রথমৰ পৰাই আদৰণি জনাই আহিছোঁ৷ কিন্তু তেওঁলোকৰ প্রতি মোৰ অনুৰোধ থাকিব– সংবাদ মাধ্যমৰ চক্কৰ বা পাল্লাত পৰিব নালাগে৷ সংবাদ মাধ্যমে বিৰোধীক সদায় সমর্থন কৰে৷ সমগ্র বিশ্বতে এইটো নিয়ম৷ গণতন্ত্রত সংবাদ মাধ্যমে সদায় বিৰোধীক শাসকীয় পক্ষতকৈ অলপ হ’লেও বেছিকৈ মৰম কৰে৷ কিন্তু সেই মৰমটোকে যদি নির্বাচনৰ ফলাফল বুলি ভাবি লোৱা হয়, তেন্তে সেইটো ভুল৷ সেই কাৰণে প্রথমৰ পৰাই লুৰিণজ্যোতি গগৈক মই গাঁৱলৈ গৈ বুথ কমিটীবিলাক গঠন কৰাৰ বাবে পৰামর্শ দি আহিছোঁ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক উদ্দেশ্যি তেওঁ পুনৰ কয় যে মই তেওঁলোকক ৰাজনীতিত থকাটো বিচাৰোঁ৷ ছিৰিয়াছ ৰাজনীতিক হওক৷ তেতিয়া বুজি পাব আমি কিমান কষ্ট কৰি ৰাজনীতি কৰি আছোঁ৷ মই বিচৰা নাই– লুৰিণজ্যোতি গগৈ হাৰি যাওক৷

ৰাইজৰ দলৰ প্রসংগ উনুকিয়াই দিয়াত বিত্তমন্ত্রী ড০ শর্মাৰ প্রতিক্রিয়া আছিল এনেধৰণৰ– ২০২৬ চনত কি হ’ব, মই ক’ব নোৱাৰোঁ৷ কিন্তু ২০২১ চনত তেওঁলোক যিটো গতিত আগবাঢ়িছে, কোনোবাই ৰাজনৈতিক দল কৰি তাত ছেমিনাৰত কথা ক’ব পৰা মানুহ আনে নেকি? যেতিয়া এটা নীতি ল’ব লাগে, তেতিয়াহে ৰাজনৈতিক দলৰ ছেমিনাৰ হয়৷ এতিয়ালৈকে ৰাইজৰ দলৰ নেতাই আমাৰ সন্মুখত নাই৷ ইফালে অখিল গগৈৰ গ্রেপ্তাৰৰ লগত ‘কা’ কোনোধৰণে জড়িত নহয় বুলি তেওঁ পুনৰ স্পষ্ট কৰি দিয়ে৷ সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শেহতীয়াভাৱে সৃষ্টি হোৱা বিতর্কৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দি তেওঁ কয় যে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি হিচাপে জে পি নাড্ডাই বর্তমানৰ জনজাতিসকলক কোনো অসুবিধাত নেপেলোৱাকৈ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আমাৰ যি আদর্শ–প্রতিশ্রুতি, সেইটো দোহাৰিছে৷ বাকী বিষয়টো কেন্দ্রীয় চৰকাৰৰ লগত আছে৷ আমাৰ মন্ত্রীগোটে চাহ জনগোষ্ঠীৰ পৰা এটা কথাৰ বাবে অপেক্ষা কৰিছিলোঁ৷ যাৰ বাবে প্রতিবেদন দিয়াত পলম হৈছিল৷ আমি শীঘ্রে প্রতিবেদন দাখিল কৰিম৷

You might also like