নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ ভকতগাঁৱত প্রত্যাশা – এছ হেপীনেছৰ প্রতিষ্ঠা দিৱস পালন

শিৱসাগৰ জিলা বকতা নেমুগুৰিৰ ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত ১৫ ফেব্ৰুৱাৰী তাৰিখে প্ৰত্যাশা আৰু এছ হেপীনেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

কুইজ পৰিচালনা কৰে প্ৰত্যাশাৰ আৰু এছ হেপীনেছৰ সদস্য প্ৰদীপ গগৈয়ে। কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে শিখামণি বৰুৱা, প্ৰপ্ৰীতি গগৈ, ৰিতুমণি মাউৎ। আকস্মিক বক্তৃতাত বিচাৰক হিচাপে উপস্থিত থাকে নীৰৱ বাইলুং আহোম।

চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত আছিল পবিত্ৰ বৰুৱা। কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ কাভ কৰে দৰ্শন গগৈ আৰু সুব্ৰত গগৈ দলে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে মানচুৰী বৰুৱা, চায়া বৰুৱা দলে। তৃতীয় পুৰস্কাৰ লাভ কৰে নিৰদা গঞ্জু, জোনটি গগৈয়ে।

আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মৌচমজ্যোতি মহন, দ্বিতীয় নিশিতা বুঢ়াগোঁহাই, তৃতীয় নিলোৎপল ঘৰফলীয়া। কবিতা আবৃত্তিত প্ৰথম পুৰস্কাৰ লাভ কৰে মৌচমজ্যোতি মহন, দ্বিতীয় ভাগ্যশ্ৰী নাথ, য়াচমিন হাজৰিকা, তৃতীয় অংকিতা ঘৰফলীয়া।  বিচাৰকৰ বিশেষ উদগনি বঁটা প্ৰদান কৰা হয় ৰিয়ান গগৈক।

চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে সিদ্ধাৰ্থ দিহিঙীয়া, দ্বিতীয় সমীৰণ দিহিঙীয়া, তৃতীয় পুৰস্কাৰ ইয়াছমিন হাজৰিকা। উদগনি বঁটা নৱদ্বীপ ঘৰফলীয়াই লাভ কৰে।

এই অনুষ্ঠানটো সুকলমে চলাই নিয়াত বিশেষভাৱে সহায় সহযোগ কৰা যোগেন গগৈ, জিতেন বৰুৱা, ত্ৰিদীপ ফুকন, জ্যোতিকা বৰা, বংকিম দাস, কল্যাণ ঘৰফলীয়া, স্বৰাজ ফুকন, পল্লৱ গগৈ, নমি বৰুৱা, মনোৰঞ্জন দিহিঙীয়া, ভকতগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমৰজিৎ গগৈকে ধৰি প্ৰতিজন শিক্ষাগুৰু, কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰত্যাশাৰ সদস্য পাৰ্থ গগৈয়ে।

এই অনুষ্ঠানতেই পাৰ্থ গগৈৰ গীত “মন পগলা”ৰ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে বকতাৰ গৌৰৱ, শিল্পী দিগন্ত মহনে। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰত্যাশাৰ সদস্য ধ্ৰুৱজিৎ গগৈ, শিখামণি বৰুৱা, লাকী দিহিঙীয়া, প্ৰতিমা ঘৰফলীয়া, স্নেহা দিহিঙীয়া, কৃষ্ণা ঘৰফলীয়া, নাজবিন চুলতানা, চুণচুণি বুঢ়াগোহাঁই, দেৱাহুতি গগৈ, বিদিশা দিহিঙীয়া, জাহ্নবী বৰুৱা, ডনিপল, গকুল, হিৰন্মময়, হিৰকজ্যোতি, মিন্টু, কল্পজ্যোতি, চাণক্য, দিপৰঞ্জন দিহিঙীয়া, তুষাৰজ্যোতি ফুকন।

অনুষ্ঠানত প্ৰত্যাশাই  দুজন শিক্ষাৰ্থীক বৰ্ষশ্ৰেষ্ঠ শিক্ষাৰ্থী  সন্মান  প্ৰদান কৰে। প্ৰথমজন শিক্ষাৰ্থী প্ৰিন্সিপ্ৰিয়া গগৈক প্ৰয়াত প্ৰবোধ চন্দ্ৰ গোস্বামী সোঁৱৰণত ১০০১ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। দ্বিতীয়জন শিক্ষাৰ্থী নিলোৎপল ঘৰফলীয়াক প্ৰয়াত প্ৰিয়নাথ দাসৰ সোঁৱৰণত ৫০১ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। এটা স্মাৰক, মানপত্ৰ, শিক্ষণ সামগ্ৰী, এটা গছপুলিৰে এছ হেপীনেছৰ শ্ৰেষ্ঠ পঢ়ুৱৈৰ সন্মান প্ৰদান কৰা হয় প্ৰিন্সিপ্ৰিয়া গগৈক ।

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like