নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ীত তলা বন্ধ হৈ দুই শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ উত্তৰপ্রদেশৰ মুৰাদাবাদৰ গাড়ীৰ ভিতৰত খেলি থাকোঁতেই গাড়ীখনৰ তলা বন্ধ হোৱাত দুই শিশুৰ কৰুণ মৃত্যু ঘটে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ৪ৰ পৰা ৭ বছৰীয়া চাৰি শিশুৱে গাড়ীৰ ভিতৰত খেলি আছিল৷ খেলি থকা মুহূর্তত শিশুকেইটাই গাড়ীখনৰ তলা বন্ধ কৰি দিয়ে আৰু পিছলৈ শিশু চাৰিটা অচেতন হৈ পৰে৷ পৰিয়ালৰ লোকে ততালিকে অচেতন শিশুকেইটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে চাৰিজনৰ ভিতৰত দুজনক মৃত বুলি ঘোষণা কৰে আৰু বাকী দুজন বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে৷ এই ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷

You might also like