নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ মৌচন্দা পথাৰত আজি প্রধানমন্ত্রীৰ বিশাল জনসভা

ডিজিটেল ডেস্ক, ১৮ জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰ চিলাবন্ধা গাঁৱৰ মৌচন্দা পথাৰত আজি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশাল জনসভা সম্বোধন কৰিব ৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ বহুকেহটা উন্নয়নমূলক কামৰ শুভ উন্মোচন কৰাৰ লগতে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত দেশৰ প্রধানমন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰিব৷

কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি সমগ্র কলিয়াবৰত এক উদুলি–মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে৷ প্রায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে কাজিৰঙাৰ ৩৪.৪৫ কিলোমিটাৰ দৈর্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নগাঁও জিলাৰ কলিয়াবৰৰ ৰাঙলুৰ পৰা নির্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰটো গোলাঘাট জিলাৰ পাণবাৰীৰ সমীপত অন্ত পৰিব৷ ইপিনে, এই শিলান্যাস অনুষ্ঠানৰ লগতে কলিয়াবৰৰ পৰাই প্রথমখন ‘অমৃত ভাৰত এক্সপ্রেছ’ ৰে’লৰো শুভাৰম্ভ কৰিব প্রধানমন্ত্রীগৰাকীয়ে৷ ৰে’লখন অসমৰ কামাখ্যা জংচনৰ পৰা কলকাতালৈ চলাচল কৰিব৷ ইয়াৰ পাছতে বিশাল জনসভাত সম্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

বিশাল জনসভাত প্রধানমন্ত্রীগৰাকীৰ লগতে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটা, কেবিনেট মন্ত্রী কেশৱ মহন্তকে ধৰি বহুকেইজন সাংসদ আৰু মন্ত্রী৷

You might also like