ইন্দোৰত আজি টীম ইণ্ডিয়া-নিউজিলেণ্ডৰ এদিনীয়া শৃংখলা দখলৰ যুঁজ
নিউজ ডেস্ক, ১৮ জানুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ নির্ণায়ক মেচখন আজি ইন্দোৰত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে দুয়োটা দলে এখনকৈ মেচত জয়লাভ কৰাত আজিৰ মেচখন দুয়োটা দলৰ বাবে মৰণপণ যুঁজ হিচাপে পৰিগণিত হৈছে৷ আজি যিটো দলে জয়লাভ কৰিব, সেইটো দলেই এদিনীয়া শৃংখলাটো হস্তগত কৰিব৷ অৱশ্যে ঘৰুৱা দল টীম ইণ্ডিয়াই আজি নির্ণায়ক মেচখনক লৈ আত্মবিশ্বাসী৷
টীম ইণ্ডিয়াই ২০১৯ চনৰ মার্চ মাহৰ পৰা ঘৰৰ মাটিত দ্বিপাক্ষিক শৃংখলা হেৰুওৱা নাই৷ আজিৰ মেচখনতো বিজয় সাব্যস্ত কৰি শুভমন গিল বাহিনীয়ে এই শৃংখলা জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে৷ শৃংখলাটোৰ প্রথমখন মেচত দর্শনীয় বিজয় সাব্যস্ত কৰা ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়াত পৰাজয়ৰ মুখ দেখে৷ আগশাৰীৰ বেটাৰসকলে দীঘলীয়া ইনিংছ খেলিব নোৱাৰাৰ বাবে দ্বিতীয়খন মেচত পৰাজয় স্বীকাৰ কৰা ভাৰতীয় দলটোৱে আজিৰ মেচখনক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে৷ দ্বিতীয়খন এদিনীয়াত লোকেশ ৰাহুলৰ বাহিৰে বাকীসকল বেটাৰে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷
অৱশ্যে আজিৰ মেচখন সন্দর্ভত অধিনায়ক গিলে কয় যে আমি মেচখনত প্রথমৰ পৰাই আক্রমণাত্মক খেল দাঙি ধৰিব লাগিব৷ অপেনাৰদ্বয়ে আক্রমণাত্মক খেল খেলি বিপক্ষক প্রথমৰ পৰাই চাপত ৰখাটোৱে আমাৰ প্রধান লক্ষ্য হ’ব৷ দুই জ্যেষ্ঠ খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ পৰা দীঘলীয়া ইনিংছ আশা কৰিছোঁ৷ লগতে আন সতীর্থসকলেও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিব৷ আশা কৰিছোঁ সতীর্থসকলে নিজৰ নিজৰ দায়িত্ব পালন কৰি দলৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব৷
আনহাতে, আজিৰ এই গুৰুত্বপূর্ণ মেচখনত নীতিশ কুমাৰ ৰেড্ডী আৰু আয়ুশ বাদোনিক লৈ সমস্যাত পৰিছে দলীয় মেনেজমেণ্ট৷ অৱশ্যে আজিৰ মেচখনত বাদোনিয়ে মূল একাদশত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷
ইফালে, নিউজিলেণ্ডে ইতিহাস ৰচাৰ লক্ষ্যৰে মেচখনত অৱতীর্ণ হ’ব৷ কিৱি বাহিনীয়ে ১৯৮৯ চনৰ পৰাই ভাৰতৰ মাটিত দ্বিপাক্ষিক শৃংখলা দখল কৰিবলৈ সক্ষম হোৱা নাই৷ সুদীর্ঘ ৩৭ বছৰীয়া ব্যর্থতাৰ ধাৰা ভংগ কৰাৰ লক্ষ্য লৈছে নিউজিলেণ্ডে৷ আজিৰ নির্ণায়ক মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে নিউজিলেণ্ডে সুদীর্ঘ ৩৭ বছৰৰ পিছত ভাৰতৰ মাটিত দ্বিপাক্ষিক শৃংখলা জয়লাভ কৰি ইতিহাস ৰচনা কৰিব৷
খেলৰ সময় : দিনৰ ১.৩০ বজা৷