নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহীৰূহৰ মহাপ্ৰয়ানঃ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ জীৱন পৰিক্ৰমা

নিয়মীয়া বাৰ্তা ১২ মেঃ আজি পুৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান।

অসমীয়া সমাজ জীৱন উকা কৰি আজি পুৱা ৬.৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহগৰাকীয়ে।

১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত কথাশিল্পীগৰাকীয়ে।

৫০ৰ দশকৰ পৰাই কবিতা, গল্প, উপন্যাস আদি বিভিন্ন ৰচনাৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি গৈছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। মহীৰূহ হোমেন বৰগোহাঞি আছিল একেধাৰে এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক,কবি আৰু গল্পকাৰ।

সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ, পিতা-পুত্ৰ, এদিনৰ ডায়েৰী, সুবালা, মৎস্যগন্ধা আদি বিশিষ্ট সাহিত্যিকগৰাকীৰ অন্যতম সাহিত্য কৃতি।

হৈমন্তী নামৰ কবিতা পুথিৰ লগতে প্ৰজ্ঞাৰ সাধনা, গদ্যৰ সাধনা, পাঠকৰ টোকবহী, উচ্চাকাংক্ষা, আশীৰ দশকৰ দস্তবেজ আদি আছিল তেওঁৰ প্ৰবন্ধ সংকলন।

আনহাতে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আছিল ক্ৰমে আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু (তিনিটা খণ্ডত সমাপ্ত আত্মজীৱনীৰ ১ম খণ্ড আৰু ২য় খণ্ড) আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ।

উল্লেখ্য যে ১৯৭৮ চনত পিতা-পুত্ৰ নামৰ গ্ৰন্থখনৰ বাবে তেখেতে সন্মানীত হৈছিল সাহিত্য অকাডেমী বঁটাৰে। ইয়াৰোপৰি অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানীত হৈছিল মহীৰূহ হোমেন বৰগোহাঞি।

২০০১-২০০২ চনৰ অসম সাহিত্য সভাৰ ডিব্ৰুগড় আৰু কলগাছিয়া অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল মহীৰূহ হোমেন বৰগোহাঞিয়ে।

মেটমৰা সাহিত্য সম্ভাৰৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱাৰ সমান্তৰালকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনকো নতুন দিগন্তৰ সূচনা কৰিছিল হোমেন বৰগোহাঞিয়ে।

সুদীৰ্ঘ আৰু বৰ্ণময় সংবাদিক জীৱনত তেখেতে বহুকেইখন অসমীয়া দৈনিক বাতৰি কাকত আৰু বহুকেইখন আগশাৰীৰ আলোচনীত মুখ্য সম্পাদকৰ দায়িত্বত আছিল।

মৃত্যুৰ সময়লৈকে নিয়মীয়া বাৰ্তা কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল প্ৰয়াত হোমেন বৰগোহাঞি।

You might also like