পশ্চিম এছিয়াৰ সংকট আৰু ইৰান যুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰভাৱৰ মাজতে মিতব্যয়িতা আৰু ইন্ধন সংৰক্ষণ অভিযানক অধিক জোৰদাৰ কৰি এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ চৰকাৰী কনভয়ৰ আকাৰ ৫০ শতাংশ হ্ৰাস কৰাৰ নিৰ্দেশ দিয়াৰ লগতে বৈদ্যুতিক বাহন (EV) ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে Special Protection Group (SPG)-এ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
জানিব পৰা মতে, নিৰাপত্তা ব্যৱস্থা অক্ষুণ্ণ ৰাখিয়েই প্ৰধানমন্ত্ৰীৰ কনভয় সৰু কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষভাৱে, EV ব্যৱহাৰৰ ক্ষেত্ৰত নতুন বাহন ক্ৰয় নকৰিবলৈও নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰ্তমানৰ উপলব্ধ সম্পদ ব্যৱহাৰ কৰিয়েই এই পৰিৱর্তন আনিবলৈ কোৱা হৈছে।
ইতিমধ্যে এই “Lead from the front” পদ্ধতিৰ বাস্তৱ ৰূপ দেখা গৈছে। শেহতীয়াকৈ বদোদৰা আৰু গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে যথেষ্ট সৰু কনভয় ব্যৱহাৰ কৰা দেখা যায়।
উল্লেখ্য, শেহতীয়াকৈ তেলেংগানাত অনুষ্ঠিত বিজেপিৰ এক সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক কমেও এবছৰৰ বাবে কিছুমান সাময়িক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
প্ৰধানমন্ত্ৰীৰ আহ্বান
ইন্ধন সংৰক্ষণ— কাৰপুলিং, মেট্ৰ’ আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ বৃদ্ধি কৰি পেট্ৰ’ল-ডিজেলৰ খৰচ কমোৱা।
আৰ্থিক মিতব্যয়িতা — সোণ ক্ৰয় আৰু অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ স্থগিত ৰখা।
আত্মনিৰ্ভৰতা — স্বদেশী সামগ্ৰী ব্যৱহাৰ, প্ৰাকৃতিক কৃষি গ্ৰহণ আৰু ৰাসায়নিক সাৰ তথা আমদানিনিৰ্ভৰ খাদ্যতেলৰ ওপৰত নিৰ্ভৰশীলতা কমোৱা।
ইফালে, প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ প্ৰভাৱ ইতিমধ্যে ৰাজনৈতিক ক্ষেত্ৰতো পৰিলক্ষিত হৈছে। কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয়ে ইন্ধন সংৰক্ষণ আৰু Work From Home ব্যৱস্থা গ্ৰহণৰ দিশত পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছে।
আনহাতে, বিজেপি শাসিত দিল্লী, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকলেও নিজৰ চৰকাৰী কনভয় হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ১৩ মে’