বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব নুমলীগড়ত বিশ্বৰ প্রথমটো বাঁহভিত্তিক ২জি বায়’ ইথানল প্লাণ্ট আৰু আধাৰশিলা স্থাপন কৰিব পলিপ্রোপিলিন প্লাণ্টৰ৷ এই দুটা বৃহৎ প্লাণ্টৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পূর্বে কালি সন্ধিয়া এনআৰএল টাউনশ্বিপৰ কমিউনিটী চেণ্টাৰত পেট্ৰ’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীৰ অধ্যক্ষতাত সংবাদ মেলৰ আয়োজন কৰে৷ পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ সচিব পংকজ জৈন, এনআৰএলৰ অধ্যক্ষ আৰু অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথ, এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, এবিইপিএলৰ অধ্যক্ষ আৰু সঞ্চালক গিৰীশ কুমাৰ বৰাৰ উপস্থিতিৰে শোভাবর্ধন কৰা এই সংবাদ মেলখন ১৪ ছেপ্টেম্বৰত গোলাঘাটস্থিত নুমলীগড় ৰিফাইনেৰী লিমিটেডত প্রধানমন্ত্রীৰ ভ্রমণৰ পূর্বে প্রস্তুতিমূলক অনুষ্ঠান হিচাপে আয়োজন কৰা হয়৷
এই ঐতিহাসিক ভ্রমণৰ সময়ত প্রধানমন্ত্রীগৰাকীয়ে বাঁহভিত্তিক বিশ্বৰ প্রথমটো ২জি বায়’ ইথানল প্লাণ্ট উদ্বোধন কৰাৰ লগতে এক অত্যাধুনিক পলিপ্রোপিলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব৷ পুৰীয়ে এই প্রকল্পকেইটাৰ পৰিৱর্তনমূলক পৰিসৰসমূহ আলোকপাত কৰে, যাৰ বাবে ১২,২০০ কোটি টকাৰো অধিক বিনিয়োগ কৰা হৈছে আৰু লগতে তেওঁ ভাৰতৰ শক্তিখণ্ডত পৰিৱর্তন সঞ্চাৰ কৰা আৰু পেট্ৰ’লিয়াম খণ্ডৰ উৎকর্ষ সাধন কৰা এই ভূমিকাক গুৰুত্ব আৰোপ কৰে৷ এই বায়’ ইথানল প্লাণ্টটো PM-JI-VAN যোজনাৰ অধীনত অসম বায়’ ইথানল প্রাইভেট লিমিটেডে প্রায় ৫,০০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিছে আৰু এয়া হৈছে বিশ্বৰ প্রথম এনে এক বিশেষ পদক্ষেপ, যিয়ে বছৰি ৫ লাখ টন বাঁহৰ পৰা ৫০,০০০ টন ইথানল উৎপাদন কৰিব৷ ইয়াৰ উপৰি এই প্রকল্পটোৱে ঔদ্যোগিক উপজাত সামগ্রী হিচাপে উচ্চ মূল্যৰ ফাৰফুৰাল, এচিটিক এচিড, বায়’চাৰ, এক্টিভেটেড কার্বন আৰু লগতে ২৫ মেগাৱাট সেউজ শক্তি উৎপাদন কৰিব, যাৰ ফলত ই এক স্ব–নির্ভৰশীল শক্তি প্রতিষ্ঠান হিচাপে পৰিচিত হ’ব৷ এই প্লাণ্টটোৰ ফলত বছৰি ২৩০ কোটি টকাৰ খাৰুৱা তেলৰ আমদানি হ্রাস পাব, ভাৰতৰ ইথানল মিশ্রণৰ লক্ষ্য পূৰণত সহায় হ’ব, ৫,০০০তকৈও অধিক কর্মসংস্থাপনৰ সৃষ্টি হ’ব, ৫০,০০০তকৈও অধিক পৰিয়ালক সবল কৰি তুলিব আৰু ১২,৫০০ হেক্টৰ এলেকাত বাঁহৰ খেতি কৰাত কার্বন শোষণ হ’ব৷
উল্লেখ্য যে ৭,২৩১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ৩৬০ KTPA ক্ষমতাসম্পন্ন ইণ্ডিয়া লিমিটেডৰ পৰামর্শত ৰূপায়ণ কৰা হ’ব৷ ইয়াৰ ফলত ২০ শতাংশ পর্যন্ত পলিপ্রোপিলিনৰ প্লাণ্টটোত জার্মান লামুছ ন’ভোলীন প্রযুক্তি ব্যৱহাৰ কৰা হ’ব আৰু অভিযান্ত্রিক আমদানি নির্ভৰশীলতা হ্রাস পাব, বছৰি ৮৫ মিলিয়ন আমেৰিকান ডলাৰ ৰাহি হ’ব আৰু বছৰি ৭৫,০০০ মেন–ডেইজ কর্মসংস্থাপন সৃষ্টি হ’ব৷ এই প্রচেষ্টাই ভাৰতৰ স্বচ্ছ উৎপাদন প্রতিশ্রুতিক শক্তিশালী কৰাৰ লগতে বছৰি প্রায় ১ মিলিয়ন টন কার্বন–ডাই–অক্সাহড হ্রাস কৰিব বুলি অনুমান কৰা হৈছে৷
মন্ত্রী পুৰীয়ে উল্লেখ কৰে যে এই প্রকল্পসমূহ প্রধানমন্ত্রীৰ আত্মনির্ভৰ ভাৰত দৃষ্টিভংগীৰ এক অংশ হোৱাৰ লগতে উত্তৰ–পূব ভাৰতক স্বচ্ছ শক্তি, পেট্র’ কেমিকেলছ আৰু গ্রাম্য সমৃদ্ধিৰ কেন্দ্র হিচাপে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে স্থাপন কৰা হৈছে৷ যি পদক্ষেপে জলবায়ু কার্যব্যৱস্থা আৰু বহনক্ষম অর্থনৈতিক বিকাশত ভাৰতৰ নেতৃত্বক শক্তিশালী কৰি তুলিব৷