এছিয়া কাপৰ আজি হাইভল্টেজ মেচত ভাৰত–পাকিস্তান
নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : নানা বিতর্কৰ মাজত আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ ডুবাইত আজি হ’বলগীয়া হাইভল্টেজ মেচখনক লৈ অৱশ্যে বিশেষ উন্মাদনা নাই অনুৰাগীৰ মাজত৷ পেহেলগাম আক্রমণৰ পিছত এছিয়া কাপৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক লৈ নানা জল্পনা–কল্পনাৰ সৃষ্টি হৈছিল৷ পাকিস্তানৰ বিপক্ষে মেচখনত ভাগ লোৱাৰ বাবে ভাৰত চৰকাৰে অনুমতি প্রদান কৰে যদিও এতিয়াও বহুতে এই মেচখন বাতিল বা বর্জনৰ দাবী জনাইছে৷ অৱশ্যে আজিৰ বহু প্রতীক্ষিত মেচখনক অধীৰ আগ্রহেৰে বাট চাই আছে ভাৰত আৰু পাকিস্তান দল দুটাই৷
ইতিমধ্যে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে ব্যক্ত কৰিছে যে চিৰপ্রতিদ্বন্দ্বী পাকিস্তানৰ লগত খেলিবলগীয়া মেচখনত তেওঁলোকে আগ্রাসী ক্রিকেট খেলিব৷ মেচখনক লৈ কোনো চাপ নাই বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে মেচখনক লৈ আমি কোনো অতিৰিক্ত চাপ লোৱা নাই৷ আমি আমাৰ পৰিকল্পনা অনুসৰি মেচখনত অৱতীর্ণ হ’ম৷ দুই তাৰকা খেলুৱৈ বাবৰ আজম আৰু মহম্মদ ৰিজৱান অবিহনে পাক দলটো কিছু দুর্বল হ’ব যদিও আমি তেওঁলোকক সহজভাৱে ল’ব বিচৰা নাই৷
ইফালে, আজিৰ হাইভল্টেজ মেচখনত ভাৰতীয় দলৰ বেটিং ক্রমত কিছু সালসলনি হ’ব বুলি উল্লেখ কৰি বেটিং প্রশিক্ষক সীতাংশু কোটাকে কয় যে মেচখনত অ’পেনাৰ সঞ্জু ছেমছনৰ বেটিং স্থান সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে৷ সহঃ অধিনায়ক হিচাপে দললৈ প্রত্যাৱর্তন কৰা শুভমন গিলে অভিষেক শর্মাৰ সৈতে ইনিংছ মুকলি কৰিব৷ গতিকে, সঞ্জুৱে ৫–৬ নম্বৰত বেটিং কৰাৰ সম্ভাৱনা আছে৷ সঞ্জুৰ দৰে বেটাৰৰ যিকোনো স্থানত বেটিং কৰাৰ সক্ষমতা আছে৷ অৱশ্যে দলৰ প্রয়োজন অনুসৰি অধিনায়ক আৰু প্রশিক্ষকে সেইটো সিদ্ধান্ত ল’ব৷
ইফালে, সঞ্জুৱে নিজেই যিকোনো স্থানত খেলিবলৈ সাজু আছে বুলি ব্যক্ত কৰে বেটিং প্রশিক্ষকগৰাকীয়ে৷ আজিৰ মেচখনত ভাৰতীয় দলটোত বিশেষ কোনো সালসলনি হোৱাৰ সম্ভাৱনা নাই৷ প্রথমখন মেচত অংশ লোৱা দলটোৰে আজিৰ মেচখনতো ভাৰতীয় দলটোৱে ভাগ ল’ব৷ বেটিং প্রশিক্ষকগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন আকর্ষণীয় হ’ব বুলি মন্তব্য কৰে৷
খেলৰ সময় : নিশা ৮ বজা৷