১৩ মাৰ্চত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰস্তুতি তুংগত
অহা ১৩ মাৰ্চত বিটিচিৰ সদৰ কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কোকৰাঝাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত এক বিশাল জনসভাত অংশ লৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ কেবাটাও প্ৰকল্পৰ শুভাৰম্ভনি আৰু শিলান্যাস কৰিব৷
তদুপৰি প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী ৰে’লপথ নিৰ্মাণ প্ৰকল্পৰ আধাৰশীলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমনৰ নিশ্চিত তথ্য লাভ কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমনসূচীৰ প্ৰস্তুতিৰ বিষয়ে বুজ লবলৈ আজি কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম চৰকাৰ মুখ্য সচিব ৰবি কোটা।
বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, বিটিচিৰ আইজিপি বিবেকৰাজ সিং, জিলা উপায়ুক্ত পংকজ চক্ৰবৰ্তীৰ লগতে প্ৰশাসনৰ আন উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম চৰকাৰ মুখ্য সচিব ৰবি কোটাই পৰ্যালোচনা কৰে।
গ্ৰীণ ফিল্ড আৰু গ্ৰীণ ফিল্ডতে থকা হেলিপেড পৰিদৰ্শন কৰাৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্য সচিব ৰবি কোটাই বিটিচি সচিবালয় সভাকক্ষত প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণ লৈ বিটিচি কতৃপক্ষ আৰু শীৰ্ষ আৰক্ষী বিষয়াৰে এক বৈঠকত মিলিত হয় ৷
ইপিনে প্ৰধানমন্ত্ৰীৰ আগন্তুক কোকৰাঝাৰ ভ্ৰমনৰ প্ৰস্তুতিৰ বিষয়ে বুজ লৈ সংবাদমাধ্যমৰ আগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে অহা ১৩ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হ’ব আৰু এক বিশাল জনসমাৱেশত সম্বোধন কৰিব।
তদুপৰি প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ পৰাই ৰাজ্যৰ কেবাটাও প্ৰকল্পৰ শুভাৰম্ভনি আৰু শিলান্যাস কৰিব। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভ কৰাৰ লগতে ৰে’ল বিভাগৰ প্ৰকল্পৰো আধাৰশীলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে।
১৩ মাৰ্চত কোকৰাঝাৰৰ জনসভাত সম্বোধন কৰাৰ পিছত উক্তদিনাই সন্ধিয়া গুৱাহাটীত আন এখন কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰি ইয়াৰ পিছতেই অহা ১৪ মাৰ্চৰ শিলচৰৰ আন এখন জনসভাতো প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বুলি প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া জনসভাত কমেও ডেৰ-দুই লাখ জনসমাগম হ’ব বুলি মন্তব্য কৰিছে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই।
ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ, ২৩ ফেব্ৰুৱাৰী