নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা

অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি অহা ১ এপ্ৰিলত ধেমাজি জিলালৈ চতুৰ্থবাৰৰ বাবে আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ধেমাজি জিলাৰ গোগামুখৰ ৰেলৱে লাইনৰ সমীপৰ চেতিয়া গাঁৱৰ পথাৰত এই বিশাল জনসভা অনুষ্ঠিত হ’ব। ইতিমধ্যে সভাস্থলীত যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলি আছে।

প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰণোজ পেগুৱে। তেওঁ জনায় যে এই জনসভাত দহ লক্ষাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ধেমাজি জিলাৰ তিনিটা সমষ্টিৰ উপৰি মাজুলী আৰু লখিমপুৰ জিলাৰ বিভিন্ন সমষ্টিৰ পৰা বহুসংখ্যক লোক এই জনসভাত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

এই বৃহৎ জনসভাক লৈ সমগ্ৰ অঞ্চলটোত ইতিমধ্যে নিৰ্বাচনী উত্তেজনা তুংগত উঠিছে।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like