আজি নাহৰকটীয়া সমষ্টিৰ বাবে এক ঐতিহাসিক দিন৷ কাৰণ প্রধানমন্ত্রী নৰেন্দ্র মোদী নামৰূপত উপস্থিত হৈ বহুপ্রত্যাশিত নতুন সাৰ প্রকল্পটোৰ ভূমিপূজন কৰিব৷ দহ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ১২ লাখ মেট্ৰিকটন এম’নিয়া–ইউৰিয়া উৎপাদনক্ষম নতুন সাৰ প্রকল্পটোৰ শিল্যানাস উপলক্ষে নামৰূপৰ হাপজান অঞ্চলৰ প্রায় ডেৰশ বিঘা ভূমিত লক্ষাধিক দর্শক সমৱেত হ’ব পৰাকৈ সাজু কৰি তোলা হৈছে অস্থায়ী সভাগৃহ৷
ইয়াৰ কিছু নিলগত অস্থায়ীভাৱে নির্মাণ কৰা হৈছে হেলিপেড৷ প্রধানমন্ত্রীগৰাকী ডিব্রুগড বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে আহি নামৰূপত নির্মাণ কৰা হেলিপেডত অৱতৰণ কৰিব৷ ইয়াৰ পিছতে বিশেষ বাহনেৰে সমীপত থকা ভূমিপূজনথলীত তেওঁ উপস্থিত হ’ব৷ এই ঐতিহাসিক দিনটোক লৈ অধিক আগ্রহেৰে বাট চাই আছে নামৰূপবাসী৷ ডিব্রুগড জিলা প্রশাসনে সমগ্র প্রস্তুতি কঠোৰ নিৰাপত্তা বেষ্টনীত সম্পূর্ণ কৰি তুলিছে৷
লক্ষণীয় যে ২০০৬ চনৰ পৰাই নামৰূপত এটা নতুন সাৰ প্রকল্প স্থাপনৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন কংগ্রেছ চৰকাৰে৷ কেৱল আধাৰশিলাতে সামৰণি মৰা প্রকল্পত কংগ্রেছ চৰকাৰে উদ্যোগটো স্থাপনৰ বাবে কৰা ৰাইজৰ দাবী, কাতৰ আহ্বানক তিলমাত্রও গুৰুত্ব নিদিলে৷ ৰাইজ ভাগৰি পৰিল৷ অৱশেষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নামৰূপৰ ৰাইজক দিয়া প্রতিশ্ৰুতিমর্মে সাৰ কাৰখানাৰ নতুন গোট এটা স্থাপনৰ আশা পূৰণ কৰিলে৷ এইক্ষেত্রত নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ নিৰৱচ্ছিন্ন প্রচেষ্টাও লক্ষণীয়৷
মুখ্যমন্ত্রীৰ নেতৃত্বত অসমভেলী ফার্টিলাইজাৰ এণ্ড কেমিকেলছ কর্প’ৰেচন লিমিটেড (AVFCCL) নামেৰে নতুন কোম্পানী স্থাপন কৰি নামৰূপৰ লেণ্ডমার্ক ব্রাউন ফিল্ড এম’নিয়া–ইউৰিয়া সাৰ কাৰখানা স্থাপন কৰিবলৈ আগবঢ়াটো অত্যন্ত দুঃসাহসিক কার্য হিচাপে চিহ্ণিত হৈছে৷ এই প্রকল্পটো কেৱল এটা উদ্যোগ নহয়, ই হৈছে নাহৰকটীয়া সমষ্টিৰ জনসাধাৰণৰ দশক দশকজোৰা পুৰণি আকাংক্ষা৷ এই উদ্যোগটোৰ বার্ষিক উৎপাদন ক্ষমতা হ’ব ১২ লাখ মেট্ৰিকটন, যাৰ ফলত সমগ্র উত্তৰ–পূব আৰু পূব ভাৰতৰ কৃষকৰ বাবে ইউৰিয়াৰ উপলব্ধতা যথেষ্ট বৃদ্ধি পাব৷ ইয়াত যথেষ্ট পৰিমাণৰ প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰাৰো প্রতিশ্রুতি দিছে, যিয়ে অঞ্চলটোৰ ঔদ্যোগিক আত্মনির্ভৰশীলতাক শক্তিশালী কৰাৰ দিশত এক নির্দিষ্ট পদক্ষেপ গ্রহণ কৰিব৷
নিয়মীয়া বার্তা, ২১ ডিচেম্বৰ :