নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকত উজলিল মাজ জালভাৰী গাঁৱৰ প্ৰিয়াক্ষী কলিতা

নিয়মীয়া বাৰ্তা, ৯ মে’ : বহু প্ৰতীক্ষা আৰু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নিজৰ শ্ৰম আৰু একাগ্ৰতাৰে ষ্টাৰ মাৰ্কসহ উজলি উঠিল ঢকুৱাখনা উপ-জিলাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা মাজ জালভাৰী গাঁৱৰ প্ৰিয়াক্ষী কলিতা নামৰ মেধাৱী ছাত্ৰীগৰাকী ৷ পতিয়া চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা মাজ জালভাৰী গাঁও নিৱাসী  হেমেন কলিতা আৰু পল্লৱী দত্তৰ জ্যেষ্ঠ কন্যা প্ৰিয়াক্ষী কলিতাই এইবাৰ কাইজেন একাডেমী ঢকুৱাখনাৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ Englishত 91, MILত  85, ANTHত 97, HISTত 92 আৰু POSC বিষয়ত 91 মুঠ 456 নম্বৰেৰে ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়াল, বিদ্যালয়ৰ লগতে অঞ্চলটোলৈকো গৌৰৱ কঢ়িয়াই  আনিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে পৰিয়াল আৰু আত্মীয়-কুটুম্বই ৷ সৰুৰে পৰাই শিক্ষাৰ লগতে সংগীত, সাহিত্য, চিত্ৰকলা আদিতো পাৰ্গত আৰু মেধা শক্তিৰ পৰিচয় দি অহা প্ৰিয়াক্ষী কলিতাই শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সন্তোষজনক ফলাফল লাভ কৰি বিদ্যালয়খনৰ লগতে পৰিয়ালটোক গৌৰৱান্বিত কৰিছিল ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like