নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফলঙত বাপুজীৰ মূৰ্তি উন্মোচন ৰাজ্যপাল জগদীশ মুখীৰ

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: আজি হাফলঙত গান্ধী জয়ন্তী উপলক্ষে অসমৰ ফাৰ্ষ্ট লেডী প্ৰেম মুখীৰ উপস্থিতিত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি ৰাজ্যপাল অধ্যাপক মুখীয়ে কয় যে সুন্দৰ হাফলং চহৰত জাতিৰ পিতা প্ৰতিমূৰ্তি উন্মোচন কৰি মই আনন্দিত হৈছোঁ। প্ৰতিমূৰ্তি উদ্বোধন কৰি মহাত্মালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

ৰাজ্যপাল অধ্যাপক মুখীয়ে পাহাৰীয়া জিলাখনত গান্ধীজীৰ প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত আগভাগ লোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ এই অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ সৈতে অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা, ৰাজহ মন্ত্ৰী যোগেন মোহন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গোৰ্লোছাৰ লগতে আন একাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

You might also like