নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ ছাপ্ৰাপাৰা চৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ:  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,অসমৰ উদ্যোগত ৩০ ছেপ্তেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । ছাপ্ৰাপাৰা চৰৰ ১ নং ছাপ্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত জিলা মিডিয়া বিষয়া পলাশ জ্যোতি বৰা,নৌকা স্বাস্থ্য সে‍ৱাৰ জিলা আঁচনি বিষয়া পাৰভিচ আহমেদ,ডা: শ্বৰীফুল ইছলাম মোল্লা প্ৰমূখ্যে নৌকা স্বাস্থ্য সেৱাৰ সমূহ বিষয়ববীয়া তথা স্থানীয় ব্যক্তিসকল উপস্থিত আছিল । ১-১৯ বছৰৰ বয়সৰ সকলো শিশুক পেলুমুক্ত কৰাৰ সংকল্পৰে এই দিৱসৰ আয়োজন কৰা হৈছে । পেলুৰ পৰা ৰক্ষা পাবলৈ যিসমূহ স্বাস্থ্যসন্মত বিধি পালন কৰা উচিত সেইসমূহ ভালদৰে ৰাইজৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য । ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ কাষ চাপি ঔষধ গ্ৰহণ কৰাটোৱে স্বাস্থ্য ৰক্ষা কৰাটো নুবুজায় । আমি কেনেদৰে প্ৰাকৃতিকভাৱে জীৱন যাপন কৰি,পুষ্টিকৰ খাদ্য আৰু পৰিশীলিত জীৱনবোধৰে কেনেদৰে দেহৰ যতন লৈছো তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে । স্বাস্থ্য বিভাগে ১-১৯ বছৰৰ ভিতৰৰ সকলো শিশুক বিনামূলীয়া পেলু ঔষধ বিতৰণৰ জৰিয়তে এক সুস্থ আৰু শক্তিশালী ভাৰত তথা অসম নিৰ্মাণৰ সংকল্প লৈছো ।- জিলা মিডিয়া বিষয়া পলাশ জ্যোতি বৰাই এনেদৰে কয় । লগতে তেওঁ কয় যে স্বাস্থ্য সাক্ষৰতা আৰু সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়,স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ,অংগনবাদী কেন্দ্ৰ তথা জিলাখনৰ বিভিন্ন স্থানত পেলুৰ বিষয়ে সজাগতা অভিযান চলাই থকা হৈছে । পেলুৰ সংক্ৰমণে শিশুৰ জীৱনৰ মানদণ্ড হ্ৰাস কৰাৰ লগতে শাৰীৰিক বিকাশ আৰু মানসিক বিকাশত বাধা হিচাপে থিয় দিয়ে । ইয়াৰ ফলত সঠিক মানৱ সম্পদ নিৰ্মাণ কৰাটো সম্ভৱ নহয় । তদুপৰি তেওঁলোকৰ শিক্ষা আৰু ভৱিষ্যত বাধাগ্ৰস্ত হ’ব পাৰে। সেয়েহে, শিশুৰ সময়মতে আৰু সঠিকভাৱে পেলু নাশ কৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই গুৰুত্ব প্ৰদান কৰিছে ।

You might also like