নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সপ্তাহদিনীয়া কলম বিতৰণ কাৰ্যসূচী

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শিক্ষাৰ্থীৰ হাতত তুলি দিব কলম। “শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি” -এই শ্ল’গানেৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। নগৰবেৰাৰ ভখুৰাদিয়াত সংগঠনটোৰ কামৰূপ জিলা সমতিয়ে ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে কলম।বিদ্যালয়ে বিদ্যালয়ে গৈ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে কলম।সপ্তাহজোৰাকৈ আৰম্ভ কৰা এই কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ে বিদ্যালয়ে অব্যাহত থাকিব বুলি সংগঠনটোয়ে জানিবলৈ দিয়ে।

Niyomiya barta Nagarbera

You might also like