বজালী জিলা আয়ুক্ত কাৰ্যালয়ত ছাডেন ভিজিট মুখ্যমন্ত্ৰীৰ
বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি দুপৰীয়া আকস্মিকভাৱে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বাকসা জিলা সদৰ মুছলপুৰৰ সমীপস্থ অদালবাৰীত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি তাৰ পৰা হাউলীলৈ বুলি যাত্ৰা কৰাৰ পথতে বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ সতে থকা আৱৰ্ত ভৱনত ক্ষন্তেক জিৰণি লোৱাৰ বাবে উপস্থিত হয়৷ ইয়াৰ পিছতে সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত সম্প্ৰতি অসমত চলি থকা অবৈধ দখল উচ্ছেদক লৈ একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷ তেওঁ কয় যে বজালী জিলাৰ সীমান্তৱৰ্তী অঞ্চল ক্ৰমে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈমাৰী,
গোলিবন্ধা আৰু সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত অবৈধ দখলদাৰীৰ কৱলত থকা কেইবাহেজাৰ বিঘা ভূমি অতি সোনকালে বেদখমুক্ত কৰা হব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বেদখলকাৰী য’ৰ পৰা আহিছে তালৈকে গুচি যাওঁক৷ কেৱল আমাৰ মানুহে তেওঁলোকক আশ্ৰয় দিব নালাগে বুলি সকলোকে আহ্বান জনাই আমাৰ মানুহে বেদখলকাৰীক আশ্ৰয় দিলে বা সহায় কৰিলে উচ্ছেদ বা তেনেকুৱা আন ব্যৱস্থাৰে সলনি কৰিব বিচৰা পৰিবেশ আকৌ বেয়া হৈ পৰিব৷ তেওঁ কয় যে পূৰ্বতকৈ এতিয়াৰ পৰিৱেশ লাহে লাহে সলনি হৈছ৷ এতিয়া আমাৰ মানুহ সচেতন হৈছে৷ আমাৰ মানুহে যাতে এতিয়া আৰু কোনো কাৰণতে বেদখলকাৰীৰ সতে সহযোগ নকৰে তাক বাবে আহ্বান জনাই কয় যে অসমত ২৯ লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে৷ গতিকে সকলো বেদখলমুক্ত কৰিবলৈ কিছু সময় লাগিব৷ বহু কাম কৰিবলৈ বাকী আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ৰাইজে সহযোগ কৰিলে অসমীয়া জাতিটোক নিৰাপত্তা দিব পৰা যাব৷ ইপিনে উচ্চেদ সম্পৰ্কত মিয়াক লৈ আমছুৱে ৰাজপথ কপাব বুলি দিয়া হুংকাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ড৹ শৰ্মাই কয়, “মিঞাই ৰাজপথ কঁপালে কপাব দিয়ক৷ তাত আমাৰ কি অসুবিধা হব? আৰু বহুত কাম কৰিবলৈ বাকী আছে, আমাৰ ৰাইজে সহযোগিতা কৰিলে ৰাইজৰ কাম কৰি অসমীয়াক নিৰাপত্তা দিবলৈ পাৰিম৷” বুলি মুখ্যমন্ত্ৰীয়েগৰাকীয়ে পুনৰ দোহাৰে৷
Niyomiya barta pathsala, 4 august