নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রজেক্ট সদ্ভাৱনা, লক্ষ্য ২০২২ চনৰ ১০ মে’: জনতা ভৱনত ব্যাপক তৎপৰতা

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ প্রশাসনিক সংস্কাৰৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ জনতা ভৱনত নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা সকলো ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পিছতেই তৎপৰ হৈ পৰিছে জনতা ভৱন৷ মুখ্যমন্ত্রীয়ে ২০২২ বর্ষৰ ১০ মে’ৰ পূর্বে সকলো ফাইল নিষ্পত্তি কৰাৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়াৰ পিছত জনতা ভৱনত প্রতিটো ফাইলৰ পৰীক্ষা কৰাৰ বাবে আৰম্ভ হৈছে প্রক্রিয়া৷ জনতা ভৱনৰ প্রশাসনিক বিভাগৰ সূত্রই প্রকাশ কৰা মতে, পুৰণি ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে ইতিমধ্যে ফাইলৰ প্রতিখন কাগজ স্কেন কৰা হৈছে৷ সমান্তৰালভাৱে প্রতিটো ফাইলৰ জটিলতা আঁতৰ কৰাৰ বাবে দুজনকৈ বিষয়াক ন’ডেল বিষয়াৰ দায়িত্ব দিয়া হৈছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি প্রজেক্ট সদ্ভাৱনা অনুসৰি ইতিমধ্যে স্থাপন কৰা হৈছে ই–ফাইলিং ব্যৱস্থা৷

উল্লেখ্য যে প্রজেক্ট সদ্ভাৱনাৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা ফাইল নিষ্পত্তি কৰাৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে ৰাইট টু পাব্লিক ছার্ভিচ প’র্টেল৷ ইয়াৰ দ্বাৰা জনতা ভৱনত পৰি ৰোৱা কোনো ফাইলৰ নম্বৰ আৰু নথি প’র্টেলত আপলোড কৰে, তেন্তে এই ফাইলৰ কাম সম্পূর্ণ কৰাৰ বাবে সংশ্লিষ্ট বিষয়াই তৎপৰতা আৰম্ভ কৰিব৷ প্রশাসন বিভাগৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, ইতিমধ্যে প্রতি বিভাগৰ বহুসংখ্যক ফাইল নিষ্পত্তিৰ বাবে সাজু কৰি তোলা হৈছে৷

প’র্টেলত অহা ফাইলৰ নম্বৰ ট্রেক কৰি সংশ্লিষ্ট বিষয়াই যাৱতীয় কাম আগুৱাই নিব৷ আনহাতে প’র্টেলত আবেদন কৰোঁতাই তেওঁৰ ফাইলৰ নিষ্পত্তিকৰণৰ কাম কিমান আগবাঢ়িছে, সেই সন্দর্ভত সকলো তথ্য লাভ কৰি থাকিব৷ মন কৰিবলগীয়া যে প্রজেক্ট সদ্ভাৱনা অনুসৰি বর্তমানলৈ জনতা ভৱনত পৰি ৰোৱা সকলো ফাইলৰ কাম ২০২২ চনৰ ১০ মে’ত নিষ্পত্তি কৰা হ’ব৷

You might also like