নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাঁচীত টি–২০ শৃংখলা দখল টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ ৰাঁচীত টি–২০ শৃংখলা দখল কৰিলে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল নিউজিলেণ্ডৰ বিপক্ষে খেলি থকা তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ শুকুৰবাৰে অনুষ্ঠিত দ্বিতীয়খন মেচতো ৭ উইকেটৰ ব্যৱধানত জয়লাভ কৰি ২–০ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰে ভাৰতে৷ মেচখনত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ১৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় লোকেশ ৰাহুল আৰু অধিনায়ক ৰোহিত শর্মাৰ অর্ধশতকৰ সহায়ত ভাৰতে ১৭.২ অভাৰত তিনিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ৰাহুলে ৪৯ বলত ছয়টা চাৰি আৰু দুটা ছয়েৰে ৬৫ ৰান কৰাৰ লগতে ৰোহিতে ৩৬টা বলত এটা চাৰি আৰু ৫টা ছয়েৰে ৫৫ ৰান কৰে৷ প্রথম উইকেটৰ যুটিত দুয়োৱে ১১৭ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ সুগম কৰি তোলে৷ নিউজিলেণ্ডৰ হৈ ছাউডীয়ে তিনিটা উইকেট লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি গ্লেন ফিলিপছৰ ৩৪, মার্টিন গুপ্ঢিল আৰু ডাৰিল মিচেল উভয়ৰে ৩১ ৰানৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ২০ অভাৰত ছটা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰিবলৈ আহি গুপ্ঢিল আৰু মিচেলে প্রথম উইকেটৰ যুটিত ৪৮ ৰান সংগ্রহ কৰি দলটোক সুন্দৰ আৰম্ভণি দিয়ে যদিও বাকীসকল বেটছমেনে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নোহোৱাৰ বাবে বৃহৎ স্ক’ৰ সংগ্রহ কৰাত ব্যর্থ হয়৷ দলীয় স্ক’ৰ ৪৮ ৰানত গুপ্ঢিলৰ ৰূপত কিৱিয়ে প্রথমটো উইকেট হেৰুৱায়৷ অ’পেনাৰগৰাকীয়ে মাত্র ১৫টা বলত ৩টা চাৰি আৰু দুটা ছয়েৰে ৩১ ৰান কৰে৷

ইপিনে, মার্ক চেম্পমেনে ২১ ৰান আৰু আনগৰাকী অ’পেনাৰ মিচেলে ২৮ বলত তিনিটা চাৰিৰে ৩১ ৰান কৰে৷ টিম ছাইফার্টে ১৩ ৰান কৰে যদিও জেমছ নিছামে মাত্র ৩ ৰান কৰি পেভিলিয়নমুখী হয়৷ টীম ইণ্ডিয়াৰ হৈ কালি টি–২০ত অভিষেক ঘটা হর্ষল পেটেলে দুটা, ভুবনেশ্বৰ, দীপক, অক্ষৰ আৰু অশ্বিনে এটাকৈ উইকেট লাভ কৰে৷

You might also like