নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৭ মে’: বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ দেহাৱসান ৷ প্ৰয়াত শিল্পী দিলীপ শৰ্মা আৰু শিল্পী সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মাই দেওবাৰে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে সংগীত সাধনা কৰাৰ সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা হিচাপেও কৰ্মৰত আছিল প্ৰয়াত ঋষিৰাজ শৰ্মা।

ইপিনে শিল্পীগৰাকীৰ অকাল বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। সংগীত শিল্পীগৰাকীৰ অকাল মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাত লিখিছে- বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ অকাল বিয়োগৰ খবৰটি পাই ব্যথিত হ’লোঁ৷ অসমৰ সংগীত জগতৰ অতি চিনাকি নাম, অমায়িক ব্যক্তিত্ব শৰ্মাৰ বিয়োগ আমাৰ বাবে বৃহৎ ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ এই দুখৰ মুহূৰ্তত তেখেতৰ শোকস্তব্ধ মাতৃ শ্ৰীসুদক্ষিণা শৰ্মা বাইদেউৰ লগতে পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

You might also like