নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও–কাছাৰ কাগজ কল নিলামৰ বিৰুদ্ধে ৰাজ্যত বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ কাছাৰ–নগাঁও কাগজ কল নিলামৰ সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে শ্রমিক সংগঠনসমূহে৷ আই এন টি ইউ চি, চি আই টি ইউ, এ আই টি ইউ চি, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি আৰু এইচ এম এছৰ অসম শাখা তথা কর্মচাৰী সংগঠনসমূহে যৌথভাৱে আহ্বান জনোৱা এই প্রতিবাদৰ জৰিয়তে কাগজ কল দুটা নিলামৰ তীব্র বিৰোধিতা কৰা হয়৷

সাম্প্রতিক পৰিস্থিতিত ক’ভিড বিধি অনুসৰণ কৰি শ্রমিক–কর্মচাৰীসকল ৰাজহুৱা ঠাইত শাৰী পাতি থিয় হৈ দাবী সম্বলিত প্লেকার্ড হাতত লৈ ‘কাগজ কল নিলামৰ জাননী প্রত্যাহাৰ কৰক’, ‘বিজেপি চৰকাৰে নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰক’, ‘কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ উজ্জীৱিত কৰক’, ‘নিলামৰ সলনি অসম চৰকাৰে কল দুটা ক্রয় কৰক’, ‘ঠিকা শ্রমিকসহ সকলো কর্মচাৰীক বকেয়া ধন আদায় দিয়ক’ ইত্যাদি শ্লোগান দি পৰিৱেশ মুখৰিত কৰি তোলে৷

প্রতিবাদকাৰীসকলে স্থানীয় প্রশাসনৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱা চ’কত ড্রেড ইউনিয়ন আৰু কর্মচাৰী সংগঠনসমূহৰ ৰাজ্যিক নেতৃত্বই ক’ভিড বিধি মানি প্রতিবাদ সাব্যস্ত কৰে৷ আই এন টি ইউ চিৰ সভাপতি হিৰণ্য বৰা, চি আই টি ইউৰ ৰাজ্যিক উপ–সভাপতি বীৰেন শর্মা, এ আই টি ইউ চিৰ ৰমেন দাস, এ আই চি চি টি ইউৰ বীৰেন কলিতা, এইচ এম এছৰ সুচেন হাজৰিকা আৰু এ আই ইউ টি ইউ চিৰ প্রমোদ ভাগৱতীয়ে নেতৃত্ব লোৱা কার্যসূচীত বিভিন্ন বক্তাই কাগজ কল সন্দর্ভত চৰকাৰৰ ভূমিকাক তীব্র সমালোচনা কৰে৷

কার্যসূচীৰ শেষত চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শর্মাই সাংবাদিকৰ আগত ক্ষোভ প্রকাশ কৰি কয় যে ৰাজহুৱা সম্পদ বিক্রী কৰাটো বিজেপিৰ নীতি আৰু এই নীতি অবাধে ৰূপায়িত হৈ থাকিলে অসমৰ কোনো সম্পদৰ ওপৰতে অসম চৰকাৰৰ অধিকাৰ নোহোৱা হ’ব৷ ৪০,০০০ কোটি টকাৰ বিশাল পৰিমাণৰ সম্পত্তি থকা দুটাকৈ কাগজ কল নিলামৰ সর্বাধিক মূল্য ১,১৩৯ কোটি টকা ধার্য কৰি বিক্রী কৰিব ওলাইছে৷ এই চৰকাৰৰ সময়তেই অসমৰ তৈল সম্পদ বিক্রী হৈছে৷ এতিয়া বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰো যো–জা চলাই আছে৷

তেওঁ কাগজ কল নিলাম প্রত্যাহাৰৰ আন্দোলন তীব্রতৰ কৰাৰ মাজেৰে অসমৰ প্রতি বিজেপি দল আৰু চৰকাৰৰ নীতি সলনি কৰা আন্দোলনক শক্তিশালী কৰিবলৈ অসমৰ শ্রমিক, কৃষক, ছাত্র, যুৱ আৰু মহিলা সংগঠনসমূহৰ প্রতি আহ্বান জনায়৷

You might also like