নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ দেওমৰনৈত একেডাল ৰছীৰে ওলমিল এহাল পুৰুষ–মহিলা

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ  পাতিদৰং গাঁৱৰ দুই ঘনিষ্ঠ বন্ধুৰ মৃতদেহ পথাৰৰ পুখুৰীত উদ্ধাৰৰ ২৪ ঘণ্টা নৌহওঁতেই পুনৰ এক গাৰ নোম শিয়ৰি যোৱা ঘটনাই জোকাৰি গৈছে সমগ্র দৰং জিলা৷ দেওমৰনৈৰ কুমাৰপাৰা গাঁৱৰ এটা বাঁহ–খেৰৰ ঘৰত শনিবাৰে পুৱাতে উদ্ধাৰ হয় এহাল পুৰুষ–মহিলাৰ মৃতদেহ৷ গাঁওখনৰ ভগৱান শর্মা নামৰ ৪৩ বছৰীয়া লোকজনৰ সৈতে মেঘালী দেৱী নামৰ বিবাহিত মহিলাগৰাকী একেডাল ৰছীৰে ওলমি থকাৰ বিষয়টো পুৱাতে ৰাষ্ট্র হৈ পৰে৷ লক্ষণীয় যে দেওমৰনৈৰ সমীপৰে কুমাৰপাৰা গাঁৱৰ ভগৱান শর্মা আৰু মেঘালীৰ স্বামী কালীনাথ শর্মাই বিগত বর্ষৰ লকডাউনৰ পূর্বে গুজৰাটৰ এক কোম্পানীত কর্মৰত আছিল৷

লকডাউনৰ বাবে অসমলৈ উভতি আহি পুনৰ গুজৰাট অভিমুখে দুয়ো যাবলৈ সক্ষম নহ’ল৷ বিপৰীতে গাঁৱতে দিন হাজিৰা কৰি জীৱন নির্বাহ কৰি আছিল৷ কিন্তু এইবাৰ আকৌ ক’ভিডৰ বাবে হতাশাগ্রস্ত হৈ পৰে ভগৱান শর্মা৷ আনকি নিজৰ বিধৱা মাতৃসহ দুজনী বৌৱেক, ভতিজাকক কোনো প্রকাৰে সহায় কৰিব নোৱাৰি মেঘালীৰ ঘৰৰ সমীপতে কিছু খেতি–বাতি কৰি থাকিবলৈ লৈছিল৷ গুজৰাটৰ পৰা উভতি অহাৰ পাছত একেবাৰে সহজ–সৰল আৰু অমায়িক হিচাপে পৰিচিত ভগৱান শর্মাৰ দুটা গুৰুতৰ পৰিৱর্তন ৰাইজৰ চকুত পৰে৷ সেই অনুসৰি পুৱাৰে পৰা দোভাগ নিশালৈ আয়–উপার্জন নোহোৱাৰ হতাশাত তেওঁ মদাসক্ত হৈ পৰে৷ তদুপৰি একালত নিজৰ মাতৃৰ দৰে আচৰণ কৰা সতীর্থৰ পত্নী মেঘালীৰ লগত আৰম্ভ হয় অবৈধ সম্পর্ক৷ কালিও দিনৰ ভাগত চুলাই সেৱন কৰি দিনটো ভাত–পানী নোখোৱাকৈ নিজৰ আধা সজা খেৰৰ ঘৰতে আশ্রয় লৈ আছিল যদিও মেঘালীয়েই নিজ ঘৰৰ পৰা ভাত ৰান্ধি আনি দিছিল ভগৱান শর্মাক৷ পাছত গধূলি মেঘালীৰ স্বামী কালীনাথ শর্মাৰ সৈতে সুৰাপান কৰা বুলিও বহুতে জানিবলৈ দিছে৷

কিন্তু নিশা ম’বাইল ফোনযোগে দিয়া মেছেজক লৈ দুয়োটা পৰিয়ালৰ মাজত বিবাদৰ সূত্রপাত হয়৷ মেঘালীৰ স্বামী কালীনাথ শর্মাই সদৰী কৰা মতে, ভগৱান শর্মাই বেয়াকৈ দিয়া এটা মেছেজ জীয়েকে লাভ কৰে আৰু নিশা এই লৈ সংঘাত হয়৷ তেওঁ বিষয়টো বিশেষ নাজানে যদিও নিশা শোৱাপাটীৰ পৰা মেঘালী নিৰুদ্দিষ্ট হয় আৰু শনিবাৰে পুৱা ভগৱান শর্মাই বাঁহৰ ঘৰটোত ওলমি থকা অৱস্থাত দুয়োকে উদ্ধাৰ কৰে৷ পাছত পাথৰিঘাট আৰক্ষী চকীত বিষয়টো অৱগত কৰে আৰু আৰক্ষী–দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷

আৰক্ষী, দণ্ডাধীশে দুয়ো প্রেমজনিত কাৰণত এইদৰে মৃত্যুক আঁকোৱালি লোৱা বুলি দাবী কৰে৷ পিছে যি অৱস্থাত দুয়োকে উদ্ধাৰ কৰা হয়, সেই দৃশ্য প্রত্যক্ষ কৰিলে আত্মহত্যাৰ সলনি পৰিকল্পিত হত্যাকাণ্ডৰ আশংকাহে অধিক ঘনীভূত কৰি তুলিছে৷ প্রথমতে দুয়ো যিডাল ৰছীৰে বাঁহৰ ঘৰটোৰ চালৰ ‘ভাৰবাৰী’ত চিপ লৈছিল, তাত উঠিবলৈ ওচৰত নাছিল কোনো চকী বা আন ওখ টুল৷ দূৰৈত বাঁহৰ চাং এখন আছিল যদিও চিপ দিয়া স্থানৰ পৰা ১০/১৫ ফুট দূৰৈৰ পৰা জঁপিয়াই চিপ লোৱা অসম্ভৱ৷ ডিঙিৰ গাঁঠিৰ অৱস্থানৰ ক্ষেত্রত দেখা গৈছে মেঘালীৰ বুকুৰ ওপৰত আছিল এই গাঁঠি৷ পৰিষ্কাৰ কোঠাটোত আত্মহত্যা কৰিলেও ভগৱানৰ ভৰিত দেখা গৈছিল বোকাৰ চাপ৷ গতিকে চিপ দিবলৈ ১০/১২ ফুট বাঁহত কিদৰে বগালে, ভৰিত দেখা বোকামাটিৰ চিহ্ণই প্রাথমিক তদন্ততেই বিষয়টো ৰহস্যজনক কৰি তুলিছে৷ স্বাভাৱিকতে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনেহে নিশ্চিত কৰিব এয়া হত্যা নে আত্মহত্যা৷

You might also like