নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রতিনিধিৰ ফোন টেপিং কৰাটো অবৈধ–অনৈতিক কাম

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ ফোন টেপিং সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনপ্রতিনিধিৰ ফোন টেপিং কৰাটো অবৈধ–নৈতিক কাম৷ যিগৰাকী বিষয়াই ফোন টেপিং কৰি পাছত সেয়া সংবাদ মাধ্যমক অর্পণ কৰিছে, সেয়া অবৈধ আৰু অনৈতিক কাম৷ কোনেও কাৰো ফোন টেপিং কৰিব নোৱাৰে৷ দেশৰ সংবিধান, আইনে ফোন ৰেকর্ডিং কৰাৰ অধিকাৰ কাকো দিয়া নাই৷ এনে ধৰণৰ অশুভ পৰম্পৰা আৰম্ভ হ’ব নালাগে৷

উল্লেখ্য যে বিধায়ক ভূঞাই আৰক্ষী বিষয়াক ফোনত দিয়া ভাবুকি আৰু গালি–গালাজৰ অডি’ ৰেকর্ডিং এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ এই সংক্রান্তত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধায়ক ভূঞাৰ বিষয়টো দলে বিবেচনাৰ ভিতৰত লৈছে৷ বিধায়ক ভূঞাৰ দায়িত্ব সম্পর্কেও দলে তেওঁক ক’ব৷ কিন্তু জনপ্রতিনিধি এজনৰ ফোন টেপিং কৰাটো উচিত নহয়৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে মন্ত্রী–বিধায়কে ফোন কৰিলে বিষয়াসকলে গুৰুত্ব সহকাৰে ফোনত কথা পাতিব লাগে৷ কাৰণ মন্ত্রী–বিধায়কসকল্ হৈছে ৰাইজে নির্বাচিত কৰি পঠিওৱা প্রতিনিধি৷ বিষয়াসকলে ফোনত কি কৈছে সেয়া ভালদৰে শুনক৷ অৱশ্যে কাম চৰকাৰী নিয়ম–নীতি মতে কৰিব৷ বিধায়ক–মন্ত্রীৰ সৈতে ভালদৰে কথা পতা, ব্যক্তিগত সম্পর্ক ৰক্ষা কৰাটো গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰী বিষয়াই মন্ত্রী–বিধায়কসকল্ শত্রু হিচাপে ল’লে, মন্ত্রী–বিধায়কে বিষয়াসকলক শত্রু হিচাপে ল’লে কাম আগবঢ়াত অসুবিধা হয়৷ ইয়াৰ ফলত সমষ্টিৰ জনসাধাৰণহে ক্ষতিগ্রস্ত হয়৷ কাৰণ বিভিন্ন সময়ত বহু আঁচনিৰ ক্ষেত্রত জনপ্রতিনিধিগৰাকীৰ্ গুৰুত্বপূর্ণ ভূমিকা থাকে৷ এই বিষয়ে তেওঁ জিলা উপায়ুক্তকো অৱগত কৰিছে বুলি জানিবলৈ দিয়ে৷

ইপিনে ৰাজ্যৰ আৰক্ষী থানাত এতিয়াৰে পৰা কোনো এজাহাৰ লেখক নাথাকিব বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিৰে পৰা তেওঁ মুখ্যমন্ত্রী হৈ থকালৈ থানাত তেনে লোক নাথাকে৷ থানাৰ অ’চিসকলৰ ডাঙৰ দায়িত্ব হৈছে এজাহাৰ লিখা৷ অকল অ’চিয়েহে এজাহাৰ লিখিব পাৰে৷ কোনো তৃতীয় পক্ষই এজাহাৰ লিখিব নোৱাৰে৷ সেইদৰে গ্রেপ্তাৰ কৰা এজাহাৰ লেখকসকল জামিনত মুক্তি লাভ কৰা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জামিন লাভ কৰাটো অপৰাধীৰ অধিকাৰ৷ উচ্চতম ন্যায়ালয়ে তেওঁলোকক সেই অধিকাৰ দিছে৷ তদুপৰি চৰকাৰে সেইসকল লোকক দুদিন বহুৱাই ৰাখি তেওঁলোকক উপযুক্ত শিক্ষা দি যাবলৈ দিছে৷ অসমীয়া মানুহক থানাত ৰাখি থোৱাটো চৰকাৰৰ উদ্দেশ্য নহয়৷ অৱশ্যে তেওঁলোক পুনৰ তেনে অপৰাধত জড়িত হ’লে পৰৱর্তী পর্যায়ত সাত দিন, চৈধ্য দিন আবদ্ধ কৰি ৰাখিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like