নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিভাগৰ কর্মচাৰী উৎপলা শইকীয়াক ৪ বছৰৰ সশ্রম কাৰাদণ্ড

উৎকোচ লৈ হাতে লোটে হৈছিল গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ উৎকোচ লৈ গ্রেপ্তাৰ হোৱা শিক্ষা সঞ্চালকালয়ৰ কর্মচাৰী উৎপলা শইকীয়াক ১০ হাজাৰ টকা জৰিমনাসহ চাৰি বছৰৰ সশ্রম কাৰাদণ্ড বিহিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ জৰিমনা আদায় দিব নোৱাৰিলে তেওঁ অতিৰিক্তভাৱে দুমাহ কটাব লাগিব কাৰাগাৰত৷ দুর্নীতি প্রতিৰোধ আইনৰ কেইবাটাও ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি তেওঁক এই শাস্তি প্রদান কৰে বিশেষ আদালতে৷

উল্লেখ্য যে ২০১৭ চনতে গ্রেপ্তাৰ হৈছিল উৎপলা শইকীয়া৷ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে পি এইচ ডিৰ বাবে বিশেষ ছুটী বিচাৰি আবেদন জনাইছিল৷ কিন্তু এই আবেদনৰ যাৱতীয় কাম সম্পন্ন কৰি অনুমতি উলিয়াই দিয়াৰ নামত উৎপলা শইকীয়াই ৭,০০০ টকাৰ উৎকোচ বিচাৰে৷ অধ্যাপকগৰাকীয়ে উৎকোচ প্রদানৰ পৰিৱর্তে কর্মচাৰীগৰাকীৰ বিৰুদ্ধে দুর্নীতি নিবাৰক শাখাত গোচৰ তৰে৷ ইয়াৰ ভিত্তিতে আগধন হিচাপে ৫,০০০ টকা উৎকোচ লোৱাৰ সময়ত উৎপলা শইকীয়াক হাতে–লোটে ধৰা পেলায় দুর্নীতি নির্বাৰকে৷ বিশেষ আদালতত ২১/২০১৭ নম্বৰৰ গোচৰত বিচাৰ চলাই তথ্য–সমলৰ ভিত্তিত কর্মচাৰীগৰাকীক দুর্নীতি প্রতিৰোধ আইনৰ ১৩(২)/৭ ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰে আদালতে৷

You might also like