নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় সহস্ৰাধিকৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ শান্তি, শক্তি, প্ৰগতিৰ বাৰ্তা লৈ পৱিত্ৰ মহালয়াৰ দিনা ধৰাৰ বুকুলৈ নামি অহা দুৰ্গতিনাশিনী দেৱী দুৰ্গাই আজি ধৰাৰ বুকুৰ পৰা বিদায় ললে ৷ বিগত এটা পষেকজুৰি উৎসৱ মুখৰ হৈ থকাৰ লগতে ষষ্ঠীৰ পৰা নৱমীলৈকে জন সমুদ্ৰত পৰিণত হোৱা শিৱসাগৰৰ ২৭খন পূজা সমিতিৰ লগতে হাজাৰ হাজাৰ ভক্তই অশ্ৰুসিক্ত নয়নেৰে হৰ্ষধ্বনিৰ মাজেৰে বিদায় দিলে দেৱী দুৰ্গাক ৷ উল্লেখ্য যে নৱমীৰ পিছৰ দিনটোতেই উদযাপন কৰা হয় পবিত্ৰ বিজয়া দশমী৷ এই বিজয়া দশমীৰ পৱিত্ৰ দিনটোতেই ধৰাৰ পৰা বিদায় লয় দেৱী দুৰ্গাই ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ নগৰৰ ২৭খন  পূজা সমিতিয়ে নিদিষ্ট সময়তেই দীৰ্ঘ সমদলেৰে  মণ্ডপৰ প্ৰতিমা লৈ নগৰৰ থানা ঘাটত উপস্থিত হয় ৷এক উৎসৱমূখৰ পৰিৱেশ জিলা প্ৰশাসন, আৰক্ষী  প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত সম্পন্ন কৰা হয় প্ৰতিমা বিসৰ্জন পৰ্ব ৷ ইয়াৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে দিখৌ নদীৰ থানা ঘাট আটক ধূনীয়াকৈ সজাই পৰাই লোৱাৰ লগতে সম্পুৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰে৷জিলা দুৰ্য্যোগ প্ৰশমন বিভাগৰ সৌজন্যত বিসৰ্জনস্থলীত এচ ডি আৰ এফৰ দলক মোতায়েন কৰাৰ লগতে নদীৰ বুকুত এচ ডি আৰ এফৰ দলে ৰাবাৰ বোটৰ সহায়ত কটকটীয়া সুৰক্ষাৰ বেহু গঢ়ি তোলে৷ নিশালৈকে সম্পুৰ্ণ সুৰক্ষিত ভাৱে যাতে বিসৰ্জন কাৰ্য্য সূচাৰুৰুপে চলে তাৰ বাবে থানা ঘাটাত পৰ্য্যাপ্ত পোহৰৰো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সম্পূৰ্ণ নীতি নিয়মেৰে সন্ধিয়ালৈ দশমীৰ কৰ্ম সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰশাসনৰ শীৰ্ষ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগে ৷ স্মৰ্তব্য যে, এইবাৰ দেৱীৰ আগমণ হস্তীৰে হোৱাৰ লগতে ফল শস্য পূৰ্ণা বসুন্ধৰা আৰু দেৱীৰ গমন ও এইবাৰ হস্তীৰে হোৱাৰ বাবেই ধৰাৰ বুকুত  ফল বসুন্ধৰাই উজলি উঠিব বুলি ধৰ্মপ্ৰাণ ৰাইজে আশা প্ৰকাশ কৰিছে ৷ আনহাতে আহোম যুগৰ অন্যতম পুৰণি  ঐতিহাসিক দেৱী দ’লৰ প্ৰতিমা দিখৌৰ বুকুত  প্ৰথম বিসৰ্জন দিয়াৰ পাছতহে আন পূজা আয়োজক সমিতিয়ে প্ৰতিমা সমুহ বিসৰ্জন দিয়ে ৷ইফালে নগৰৰ উপকন্ঠ অঞ্চলত অনুস্থিত পূজা সমিতি সমুহে ডিমৌ, দৰিকা, দিচাং তথা আন স্থানৰ নদী, উপ নদী  সমুহত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে প্ৰতিমা বিসৰ্জন কৰে ৷ শিৱসাগৰ আৰক্ষী, জিলা প্ৰশাসনৰ দণ্ডাধীশ, এচ ডি আৰ এফৰ ডুবাৰুৰ দলে পৃথকে পৃথকে সেই স্থানত উপস্থিত থাকি সুৰক্ষা ব্যৱস্থা কৰাৰ লগতে এই কাৰ্য্যসূচীত ভি, ডি পিৰ স্বেচ্চাসেৱক সকলেও সহযোগিতা আগবঢ়াই ৷

 

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like