নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো ৰাজনীতিৰ অপূৰণীয় ক্ষতি : প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ বড়ো ৰাজনীতিৰ পুৰোধা ব্যাক্তি কৰেন্দ্ৰ বসুমতাৰী আৰু নাই। যোৱা ৩ অক্টোবৰl বিয়লি প্ৰায় চাৰি বজাত গুৱাহাটী বি. বৰুৱা কেঞ্চাৰ হাস্পতালৰ পৰা ৰৌতা স্থিত নিজ ঘৰলৈ গৈ থকা অৱস্থাত ৰাস্তাতেই শেষ নিশ্বাস ত্যাগ কৰে তিনিবাৰৰ বিধায়ক তথা এবছুৰ প্ৰাক্তন সভাপতি কৰেন্দ্ৰ বসুমতাৰীয়ে। প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰী বড়ো আন্দোলনৰ অন্যতম সংগ্ৰামী নেতা তথা ৰাজ্যৰ ৰাজনীতিৰ এক প্ৰভাৱশালী ব্যক্তি আছিল। নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বাৰা গঠিত বড়োলেণ্ড লেজিছলেশ্বাৰ পাৰ্টিৰ জড়িয়তে সক্ৰিয় ৰাজনীতিত আত্মপ্ৰকাশ  কৰিছিল। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে পানেৰী সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ।২০০১ চনত দ্বিতীয়বাৰৰ বাবে মাজবাট সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল আৰু ২০০৬ চনত তৃতীয়বাৰৰ বাবে পুনৰ বিধায়ক হিচাবে নিৰ্বাচিত হয়। ১৯৮৩ চনৰ পৰা ১৯৮৬ চনলৈকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে। তেওঁ সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহন কৰাৰ পূৰ্বে বড়ো বাজাৰ হাইস্কুলত শিক্ষকতাও কৰিছিল। ইয়াৰ উপৰি তেওঁ সংগীত নাটক আৰু ভাওনা আদি সাংস্কৃতিক ক্ষেত্ৰতো জনপ্ৰিয় আৰু খ্যাতি সম্পন্ন শিল্পী আছিল। তেওঁ অসমীয়া চলচিত্ৰ জগতৰ লগতে বড়ো ভিচিডি চলচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো জডিত হৈ বড়ো সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি তুলিছিল। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিত্সাধীন কৰোৱাই ঘৰলৈ উভতি আহি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ পৰাই পৰৱৰ্তী চিকিত্সা গ্ৰহণ কৰি আছিল। গুৱাহাটীত চিকিৎসাধীন অৱস্থাতেই চিকিত্সকৰ পৰামৰ্শ অনুশৰি সোমবাৰে বিয়লি ঘৰলৈ লৈ গৈ থকা অৱস্থাতে আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তাৰ পিছত পৰিয়ালাৰ লোকে পোনে পোনে তেওঁৰ নশ্বৰ দেহ ৰৌতা স্থিত নিজ বাসগৃহলৈ আনে। তেখেতৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ৰৌতা স্থিত কৰেন্দ্ৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধা নিবেদনৰ লগতে তেওঁৰ মৃত্যুত বিটিআৰ চৰকাৰে এদিনীয়া শোক প্ৰকাশ কৰাৰ লগতে এদিনৰ বাবে বিটিআৰ অঞ্চলত স্থানীয় বন্ধ ঘোষণা কৰে। সেই অনুসৰি কাইলৈ বিটিআৰৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব। প্ৰাক্তন বিধায়ক তথা এবছুৰ প্ৰাক্তন সভাপতি কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী আৰু সহকাৰী সম্পাদক দিনেশ ব্ৰহ্মই গভীৰ শোক প্ৰকাশ কৰি এসপ্তাহ ধৰি এবছুৰ পতকা অৰ্ধনমিত কৰি ৰখা হব বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুত মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মাজবাটৰ বিধায়ক চৰণ বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্যসকলৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।

প্ৰেৰক ৰাম উপাধ্যায়

You might also like