নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনগাঁৱত মা মনসা দেৱীৰ পূজা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩ জুনঃ মানৱ সমাজৰ উপৰি জীৱকুলৰ মংগলৰ বাবে বেদ-বেদান্তৰ ৰীতি-নীতিৰে পালন কৰা হয় দেৱ-দেৱীৰ পূজা-অৰ্চনা। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ জিলাৰ বকোৰ বনগাঁও বকো মৌজাৰ উদ্যোগত খাটলপাৰাস্থিত মা মনসা দেৱীৰ শক্তিপীঠত ১৩৩৪  খ্ৰীষ্টাব্দৰ পূৰ্বৰ পৰাই অৰ্থাৎ মান সৈন্যই অসম আক্ৰমণ কৰাৰ আগৰে পৰাই পূজা-অৰ্চনা কৰাৰ পৰম্পৰা চলি আছে। ইফালে এইবেলি ৩১ মে’ৰ পৰা আজিলৈ চাৰিদিনীয়াকৈ পালন কৰা হয় মা মনসা দেৱীৰ মাৰে পূজা। ইফালে, বনগাঁও বকো মৌজাৰ সভাপতি নৃপেন চন্দ্ৰ ৰাভা, উপ-সভাপতি অমুল্য ৰাভা; প্ৰতাপ চন্দ্ৰ ৰাভা আৰু সম্পাদক দুলাল ৰাভা আৰু উপদেষ্টা হেমচৰণ কলিতাই জনোৱা মতে, বনগাঁও বকো মৌজাৰ মা মনসা দেৱীৰ মাৰে পূজাত অঞ্চলটোৰ মুঠ তেত্ৰিশখন গঞা ৰাইজ আৰু সাতখন তালুকৰ সহযোগ আছে। মাৰে পূজাত বলি-বিধান ৰীতি-নীতি মতে পালন কৰা হয়। অতি পৌৰাণিক আখ্যান মতে চান্দ সদাগৰৰ কাহিনী জড়িত বিষহৰি দেৱীৰ পূজা-অৰ্চনা কৰা হয়। মাৰে পূজাৰ সকলো কাৰ্য্যসূচীতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদসকল; ৰাজনৈতিক দলৰ বিষয়ববীয়াসকল; সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল; অঞ্চলটোৰ কেইবাজনো গাঁওপ্ৰধানে অংশগ্ৰহণ কৰে। মাৰে পূজাত দেওধনী আৰু ওজাপালি নৃত্যত শক্তি দেৱীৰ পূজা সম্পন্ন হয় বুলি জানিবলৈ দিয়ে ভক্তিপ্ৰাণ ৰাইজৰ উপৰি বনগাঁও আঞ্চলিক ট্ৰাইবেল সংঘৰ সভাপতি চিৰাজ কুমাৰ ৰাভা; বনগাঁও বকো মৌজাৰ সহকাৰী সম্পাদক নিৰঞ্জন চৌধুৰী আৰু ৰঞ্জিত ৰাভাই।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like